Ankita Dutta :
পঞ্চায়ত মিলন অনুষ্ঠানত একাংশ কংগ্ৰেছ কৰ্মীৰে বাকযুদ্ধ বিজেপি নেত্ৰী অংকিতা দত্তৰ ৷ এই ঘটনা সংঘটিত হয় আমগুৰিৰ হাতীঘূলিৰ পদুমণিত ৷ ‘মই বিজেপিত একো পোৱা নাই যদিও মানসিকভাৱে বহুত বেছি সুখী ৷ কংগ্ৰেছত গোটেই মিঞাকেইটা আছে, গোটেই মিঞাকেইটা’ বুলি কংগ্ৰেছ কৰ্মী সকলক উদ্দেশ্য কৰি তিৰ্যক মন্তব্য কৰে বিজেপি নেত্ৰী গৰাকীয়ে ৷ অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি প্ৰয়াত অঞ্জন দত্তৰ বৰজীয়ৰী অংকিতা দত্তই যোৱাবৰ্ষৰ জানুৱাৰীত যোগদান কৰিছিল বিজেপিত ৷
