Nagaon Fire:
নগাঁও চহৰৰ হয়বৰগাঁৱৰ ইছলামপট্টিত বৃহস্পতিবাৰে দুপৰীয়া সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডৰ পিছতে পৰিয়াল কেইটাৰ মাজত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় । জুইত ভস্মীভূত হয় চাৰিটাকৈ ঘৰৰ বহু মূল্যবান সা-সামগ্ৰী ৷ জুইত জাহ যায় মুকুল খান, আজিজুল খান, হবিবুৰ খান, মকবুল খান নামৰ লোক কেইজনৰ বাসগৃহ ৷
ADVERTISEMENT
আনহাতে ঘটনাস্থলীত অগ্নিনির্বাপক বাহিনী আৰু স্থানীয় লোকৰ তৎপৰতাত নিৰ্বাপিত হয় অগ্নিকাণ্ড ৷ জুইৰ সূত্ৰপাত কেনেদৰে হ’ল এই পৰ্যন্ত জানিব হোৱা নাই ৷






























