Jatiya Yuba Bahini Pressmeet:
গুৱাহাটীত বিশিষ্ট অসমীয়া ব্যৱসায়ী পৱন হাজৰিকাৰ আত্মহননৰ চাঞ্চল্যকৰ ঘটনাত এক গভীৰ ষড়যন্ত্ৰৰ সন্দেহ প্রকাশ কৰিছে ৰাইজৰ দলৰ ভাতৃ সংগঠন জাতীয় যুৱ বাহিনীয়ে।
আজি ৰাইজৰ দলৰ কেন্দ্ৰীয় কার্যালয়ত এখন সংবাদমেল সম্বোধন কৰি উপ সভাপতি নৱদ্বীপ বৰপাত্ৰগোঁহাই আৰু তথ্য আৰু প্ৰচাৰ সম্পাদক অংকুমান বৰদলৈয়ে উদ্বেগ প্রকাশ কৰি কয় যে লখিমপুৰ জিলাৰ ধলপুৰৰ পৱন হাজৰিকাৰ আত্মহত্যাৰ ঘটনাই আমাক সকলোকে জোকাৰি গৈছে। অনা-অসমীয়া ব্যৱসায়ীৰ প্রচণ্ড মানসিক অত্যাচাৰৰ ফলত কিদৰে এজন উদীয়মান শিক্ষিত যুৱকে নিজকে নিঃশেষ কবি দিব লগা হ’ল সেই কাহিনী আমাৰ সকলোৰে চকুৰ সন্মুখত।
অংকুমান বৰদলৈয়ে পৱন হাজৰিকাৰ চুই চাইড নোটৰ প্ৰসংগ টানি আনি কয় যে জানিব পৰা মতে সেই নোটত স্পষ্টভাবে উল্লেখ আছে বহিৰাগত তিনিজন বনিয়াই কৰা মানসিক অত্যাচাৰৰ কথা। বহিৰাগত বনিয়াৰ অত্যাচাৰত এজন অসমীয়া যুৱকে আত্মহত্যাৰ দৰে পথ বাছি লোৱাটো সাধাৰণ কথা নহয়। ইয়াক সাধাৰণভাবে লোৱাও উচিত নহয়। কিন্তু তাৰ পিছতো অসম পুলিচ তথা চৰকাৰৰ কাণ্ড-কাৰখানাই আমাক চিন্তিত কৰি তুলিছে। তেওঁ আক্ষেপ কৰি কয় চুই চাইড নোটত তিনিজন ব্যক্তিৰ নাম উল্লেখ কৰাৰ পাছতো এতিয়াও দুজনক গ্ৰেপ্তাৰ নকৰাটো এটা আমাৰ ডাঙৰ প্রশ্ন।
পৱন হাজৰিকাই লিখা শেষ ‘নোট’ত স্পষ্টকৈ লিখিছে ‘অসমীয়া মালিক’ হোৱাটোৱেই তেওঁৰ ভুল। উল্লেখ্য জানিব পৰা মতে পৱন হাজৰিকাৰ মৃত্যুৰ তিনিদিন পাছতেই দিছপুৰ থানাৰ IO (investigation officer) সলনি কৰি দিয়া হ’ল। পৰিয়ালৰ লোকে অংকিত কুমাৰ, নিলয় আৰু বিকাশ চিছোদিয়া নামৰ তিনিওজনৰ বিৰুদ্ধে এজাহাৰ দিয়াৰ পাছতো বাকী দুজনক গ্ৰেপ্তাৰৰ কোনো নাম গোন্ধেই নোহোৱা হ’ল। পৰিয়ালে সন্দেহ কৰা আন এজন ব্যক্তিয়ো আজি কলিকতা পালেগৈ। এই গোটেই প্রক্রিয়াত এতিয়া অসম আৰক্ষীৰ আৰু অসম চৰকাৰৰ ভূমিকাক লৈ আমাৰ সন্দেহ সৃষ্টি হৈছে বুলি সদৰী কৰে জাতীয় যুৱ বাহিনীৰ নেতৃত্বই।
কাক ৰক্ষণাবেক্ষণ দিয়াৰ স্বাৰ্থত পৰিয়ালৰ লোকে অভিযোগ অনা ব্যক্তিক সোধ-পোচৰ বাবেও আটক কৰাৰ সাহস কৰা নাই কিয়? অসমৰ বিভিন্ন ক’ছিং ইনষ্টিটিউট সমূহ এতিয়া বহিৰাগত ব্যৱসায়ী অথবা পুঁজিপতিৰ কৱলত। এজন অসমীয়া শিক্ষিত যুবকে সফলতাৰে এই ব্যৱসায় কৰি নিজক প্রতিষ্ঠিত কৰাটো যেন সহ্য কৰিব নোৱাৰিলে বহিৰাগত পূৰ্বৰ সহযোগী ব্যৱসায়ী কেইজনে, যাৰ ফলত পৱন হাজৰিকাক আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱা হ’ল।
বৰদলৈয়ে প্রশ্ন কৰে আজি খিলঞ্জীয়াৰ কথা কোৱা, জাতি-মাটি ৰক্ষাৰ কথা কোৱা হিমন্ত বিশ্ব শর্মা নিশ্চুপ কিয়! কবিতা লিখিলেই, ছবি আঁকিলেই, প্রতিবাদ কৰিলেই জে’লত দিয়া হিমন্ত বিশ্ব শৰ্মাৰ দম্ভালি ক’ত গ’ল এতিয়া? নেতাদ্বয়ে কয় নিজৰ পৰিয়ালৰ লগতে নেতা-মন্ত্ৰীৰ পৰিয়ালৰ ব্যৱসায় চৰকাৰী সাহাৰ্য লৈ হ’লেও ঠিকেই চলাই গৈছে বিজেপিৰ একাংশ নেতা মন্ত্ৰীয়ে, কিন্তু এজন খিলঞ্জীয়া অসমীয়াই আজি অসমত ব্যৱসায় কৰিব নোৱাৰে। তেওঁলোকে চৰকাৰৰ কোনো সহায়-সহযোগ লাভ নকৰে।
আনহে নালাগে বহিৰাগত মানসিক অত্যাচাৰত এজন অসমীয়া যুৱৰ মৃত্যু হোৱাৰ পিছত এতিয়া চৰকাৰে সুৰক্ষা দিব বিচাৰিছে বহিৰাগত বণিয়াক ! কিন্তু কিয়? নেতাদ্বয়ে চৰকাৰক ইয়াৰ উত্তৰ বিচৰাৰ লগতে ক্ষিপ্ৰতাৰে ব্যৱস্থা গ্রহণ নকৰিলে অনাগত সময়ত জাতীয় যুৱ বাহিনীয়ে তীব্র প্রতিবাদ গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে।






























