NASA :প্ৰথমবাৰৰ বাবে মার্কিন মহাকাশ গবেষণা সংস্থা (নাছা)ৰ জেমছ ৱেব দূৰবীণে মহাকাশৰ এটা নতুন গ্ৰহৰ সন্ধান দিলে। এই দূৰবীণত সংলগ্ন কেমেৰাই সদ্য আৱিষ্কৃত এই নতুন গ্ৰহৰ ফটোও তুলিলে।
নাছাই প্ৰকাশ কৰা অনুসৰি পৃথিৱীৰ পৰা ১১০ আলোকবর্ষ অর্থাৎ চাৰে ন লাখ কোটি কিলোমিটাৰ দূৰত্বত অৱস্থিত এই গ্রহ আকৃতিত সৌৰজগতৰ দ্বিতীয় বৃহত্তম গ্রহ শনিৰ সমান।
স্বাভাৱিকতে গ্ৰহটোৱে আন নক্ষত্রক প্রদক্ষিণ কৰে।নাছাৰ বিজ্ঞানীসকলৰ মতে, দূৰ-দিগন্তত পৃথিৱীৰ পৰা ১১০ আলোকবর্ষ দূৰত্বত আন এক নক্ষত্রপুঞ্জ আছে। এই নক্ষত্রপুঞ্জৰ বয়স পৃথিৱী বা সৌৰজগততকৈ বহু কম।
আনহাতে, নাছাৰ বিজ্ঞানীসকলে প্রকাশ কৰা অনুসৰি এই সদ্য আৱিষ্কৃত গ্রহই টিডব্লিউএ-৭ নামৰ এটা নক্ষত্রক প্রদক্ষিণ কৰে। নক্ষত্ৰটোৰ পৰা গ্ৰহটোৰ দূৰত্ব পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্বতকৈ ৫২ গুণ অধিক বুলিও বিজ্ঞানীসকলে সদৰী কৰিছে।
বিজ্ঞানীসকলৰ মতে, এই গ্ৰহৰ জন্ম আনুমানিক ৬০ লাখ ছয় বছৰ পূৰ্বে হয়। ইয়াৰ বিপৰীতে পৃথিৱী আৰু সৌৰজগতৰ জন্ম চাৰিশ কোটি বছৰ পূৰ্বে হয় বুলি বিজ্ঞানীসকলে ঠাৱৰ কৰিছে। জেমছ ৱেব দূৰবীণৰ কেমেৰাই তোলা এই সদ্য আৱিষ্কৃত গ্ৰহৰ ফটো সম্প্ৰতি নাছাৰ বিজ্ঞানীসকলে বিশ্লেষণ কৰি আছে।
উল্লেখ্য যে ১৯৯০ৰ দশকৰ পৰা বৰ্তমানলৈ বিজ্ঞানীসকলে সৌৰজগতৰ বাহিৰত মহাকাশত কমেও ৫,৯০০ নতুন গ্রহ আৱিষ্কাৰ কৰিছে। অৱশ্যে পৰোক্ষ পদ্ধতিৰে এই গ্রহসমূহৰ অধিকাংশক আৱিষ্কাৰ কৰা হৈছে। প্রত্যক্ষভাৱে ছবি তুলি কোনো নতুন গ্ৰহ আৱিষ্কাৰ কৰাৰ প্ৰমাণ বিজ্ঞানীসকলে দিব পৰা নাই।
বিজ্ঞানীসকলৰ মতে, দূৰৈৰ গ্ৰহ আৱিষ্কাৰৰ ক্ষেত্ৰত বহুল প্রচলিত পদ্ধতিটো হ’ল ‘ট্রানজিট মেথড’। কোনো নক্ষত্ৰৰ ওচৰলৈ অহাৰ সময়ত একোটা গ্ৰহৰ ফটো তোলা হয়। এনে ফটো বিশ্লেষণ কৰি এনে একোটা গ্ৰহৰ অস্তিত্ব নিশ্চিত কৰে বিজ্ঞানীসকলে। এই পদ্ধতিক ‘ট্রানজিট মেথড’ বোলা হয়।
আনহাতে, প্রত্যক্ষভাৱে ফটো তুলি নতুন গ্ৰহৰ অস্তিত্ব নিশ্চিত কৰা ঘটনা তুলনামূলকভাৱে বহু কম। সম্প্রতি নাছাৰ জেমছ ৱেব দূৰবীণৰ কেমেৰাই সদ্য আৱিষ্কৃত গ্ৰহটোৰ ফটো প্রত্যক্ষভাৱে তুলিছে। গতিকে এই সফলতা চমকপ্রদ। ইয়াৰ পূৰ্বে প্রত্যক্ষভাৱে ফটো তোলা দূৰণিৰ গ্ৰহটোৰ আকাৰ সদ্য আৱিষ্কৃত গ্রহটোতকৈ ১০ গুণ বেছি আছিল।
নাছাৰ বিজ্ঞানীসকলে প্ৰকাশ কৰা অনুসৰি, জেমছ ৱেব দূৰবীণৰ কেমেৰাই গ্ৰহটোৰ নিখুঁত ফটো তুলিবলৈ সক্ষম হৈছে। গতিকে এই দূৰবীণৰ কাৰ্যদক্ষতা আৰু সংবেদনশীলতাক লৈ বিশ্বৰ বিজ্ঞানী সমাজৰ মাজত ব্যাপক চর্চা হৈছে। এই দূৰবীণত নতুন গ্ৰহৰ ছবি তোলাৰ বাবে ফ্ৰান্সত তৈয়াৰী কৰ’নাগ্রাফ যন্ত্ৰ ব্যৱহাৰ কৰা হৈছে।
অৱশ্যে সদ্য আবিষ্কৃত এই নতুন গ্ৰহৰ পৰিৱেশ সম্পৰ্কে বৰ্তমানলৈ বিজ্ঞানীসকলে কোনো তথ্য উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। এই সম্পৰ্কত অধিক অধ্যয়নৰ পোষকতা কৰিছে বিজ্ঞানীসকলে।
