Healthy diet: খাদ্যই শৰীৰক পুষ্টি প্রদান কৰি সতেজ কৰি ৰাখে। গতিকে শাক-পাচলি, ফল-মূল, মাছ, মাংস, সকলো বস্তু খাদ্য তালিকাত থকাটো প্রয়োজন। সেইটোৱেই শৰীৰৰ উপকাৰ কৰে। কেৱল খোৱা-বোৱাই যথেষ্ট নহয়। সময় মতে খাদ্য খাইছে নে নাই সেয়াই আটাইতকৈ ডাঙৰ কাৰক। বিশেষজ্ঞসকলৰ মতে, সময় মতে খাদ্য-পানীয় গ্রহণ নকৰিলে হজম শক্তিৰ লগতে ছালৰ সমস্যাও হ’ব পাৰে। গতিকে ব্রেকফাষ্ট, লাঞ্চ আৰু ডিনাৰ কেতিয়া খাব লাগে জানো আহক।
সহস্রাধিক কামৰ ব্যস্ততাৰ বাবে একাংশ লোকে ব্রেকফাষ্ট বা পুৱাৰ আহাৰ নাখায়। এই অভ্যাস স্বাস্থ্যৰ বাবে একেবাৰেই ভাল নহয়। কাৰণ, ই শাৰীৰিক সমস্যা বৃদ্ধি কৰে। ষ্ট্ৰেছ হৰম’নৰ নিৰ্গমন বৃদ্ধি পায়। ফলত মানসিক উদ্বেগ আৰু উচ্চ ৰক্তচাপৰ দৰে সমস্যা বাঢ়ি যায়। মধুমেহৰ শংকাও বাঢ়িব পাৰে।
অফিচত অনেক কামৰ হেঁচা? হাতত থকা কামবোৰ সম্পূৰ্ণ কৰি থাকোতে দুপৰীয়াৰ আহাৰ গ্ৰহণত দেৰি হোৱাটো প্রায় দৈনন্দিন কাম। দুপৰীয়া তিনি বজাৰ পাছত গধুৰ আৰু ঠাণ্ডা খাদ্য খালে ই পাচনতন্ত্ৰৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। দিনৰ আহাৰ দুই বজাৰ ভিতৰত গ্ৰহণ কৰক।
বহুতে মাজনিশা ১২ বজাৰ পাছত ৰাতিৰ আহাৰ গ্ৰহণ কৰে। অতি সোনকালে এই অভ্যাস ত্যাগ কৰক। অন্যথা শৰীৰত অতিৰিক্ত চর্বি জমা হ’ব পাৰে। শৰীৰত বিষাক্ত পদাৰ্থৰ মাত্রা বৃদ্ধি পাব পাৰে। আনকি ছালৰ বয়স বৃদ্ধিও সোনকালে বৃদ্ধি পাব পাৰে। যকৃতৰ সমস্যাও হ’ব পাৰে।
এতিয়া সকলোৰে হাতত এটা স্মার্টফোন। লগতে ইণ্টাৰনেটৰ অত্যধিক ব্যৱহাৰ। বিভিন্ন অ’টিটি প্লেটফৰ্মৰ সহায়ত বিভিন্ন চিনেমা আৰু ৱেবছিৰিজ এটা ক্লিকতে চাব পাৰিব। ফলত টোপনি নাথাকে। বহুতে মাজনিশা সাৰ পোৱাৰ লগে লগে ভোক অনুভৱ কৰে। লগে লগে ফ্রীজত অভিযান চলায়। ফ্রীজত চক’লেট আৰু মিঠাই খাই নিজকে সন্তুষ্ট কৰে। বিশেষজ্ঞসকলৰ মতে এই অভ্যাস একেবাৰেই স্বাস্থ্যকৰ নহয়। ইয়াৰ ফলত অনিদ্রা, চকু ফুলা, ছালৰ সমস্যা আদি হয়।
আন এটা বেয়া অভ্যাস হ’ল মাজে মাজে চাহ-কফি খোৱা। চাহ-কফি খালী পেটত খাব নালাগে। ইয়াৰ ফলত পাচনতন্ত্ৰৰ সমস্যা হ’ব পাৰে। গতিকে নিশ্চিতভাৱে আপোনাৰ লগত লঘু জলপান ৰাখক। ইয়াৰ দ্বাৰা শাৰীৰিক সমস্যা নিৰাময় হ’ব। বিশেষকৈ নিশা সাত বজাৰ পাছত চাহ, কফি পান কৰা অনুচিত। এই অভ্যাস স্বাস্থ্যৰ বাবে ক্ষতিকাৰক।






























