চত্তীশগড়ত ১৩ জন মাওবাদীৰ আত্মসমৰ্পণ!

IMG 20250628 163604

Chhattisgarh:মাওবাদী বিৰোধী অভিযানত আন এক সফলতা। শুকুৰবাৰে চত্তীশগড়ৰ বিজাপুৰ জিলাত অস্ত্ৰসহ তেৰজন মাওবাদী নেতাই আত্মসমৰ্পণ কৰে।

তেওঁলোকৰ সকলোৰে মুঠ মূৰৰ মূল্য আছিল ২২ লাখ টকা। চত্তীশগড়কে ধৰি বিভিন্ন ৰাজ্যত চলি থকা অভিযানৰ মাজতে এই বৃহৎ সংখ্যক মাওবাদীৰ আত্মসমৰ্পণক আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ বাবে এক বৃহৎ সফলতা হিচাপে দেখা গৈছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি আত্মসমৰ্পণ কৰা মাওবাদীসকলৰ ভিতৰত আঠ গৰাকী মহিলা।তেওঁলোকে সমস্ত অস্ত্ৰ-শস্ত্ৰৰে নিৰাপত্তাৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে।

তেওঁলোকে জনাই, “নিষ্ঠুৰ” আৰু “অমানৱীয়” মাওবাদী মতাদৰ্শৰ প্ৰতি হতাশা আৰু বিৰক্ত হৈয়ে তেওঁলোকে এই সিদ্ধান্ত লৈছে।

প্ৰশাসনৰ তথ্য অনুসৰি আত্মসমৰ্পণ কৰা মাওবাদী দুজনৰ মূৰৰ মূল্য পাঁচ লাখ আৰু আঠ লাখ টকা আছিল। তেওঁলোক হ’ল কোছা ভাম ওৰফে ৰাজেন্দ্ৰ ওৰফে মহেশ (২৯) আৰু কোছি প’ডিয়াম (২৭)।

ইয়াৰ উপৰিও আন সাতজন মাওবাদী নেতাৰ মূৰৰ মূল্য এক লাখ টকাকৈ আছিল ।

সৰ্বমুঠ ১৩জন মাওবাদীৰ মূৰৰ মূল্য আছিল মুঠ ২২ লাখ টকা। আত্মসমৰ্পণ কৰা মাওবাদীসকলক মাওবাদী পুনৰ্বাসন নীতি অনুসৰি চাকৰি আৰু অন্যান্য বিভিন্ন সাহায্যৰ লগতে ৫০ হেজাৰ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব বুলিও প্ৰশাসনে অৱগত কৰিছে।

Exit mobile version