Kedarnath:বিগত কিছুদিন ধৰি উত্তৰাখণ্ডত ধাৰাবাহিকভাৱে বৰষুণ দি আহিছে। ইয়াৰ বাবেই শনিবাৰে ছিৰোবগাডৰ বদ্ৰীনাথ-হৃষিকেশ ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলন সংঘটিত হয়।
সেই পথেৰে যাব লাগে বদ্ৰীনাথ, কেদাৰনাথ, হেমকুণ্ডলৈ ভূমিস্খলনৰ বাবে আৱদ্ধ হৈ পৰিছে পৰ্যটকসকল। বাটত নিৰাপদ স্থানত আশ্ৰয় ল’বলৈ বাধ্য হৈছে তেওঁলোক।
প্ৰশাসনৰ তৰফৰ পৰা জেচিবিৰ মেচিন অনা হৈছে । জেচিবিৰ সহায়ত পথৰ পৰা ধ্বংসাৱশেষ আঁতৰোৱাৰ কাম চলিছে। অৱশ্যে কেদাৰনাথ অভিমুখী যাত্ৰীসকলক বাৰে বাৰে সতৰ্ক কৰা হৈছে।
ধাৰাসাৰ বৰষুণৰ ফলত উত্তৰাখণ্ডৰ বিভিন্ন প্ৰান্তত ভূমিস্খলন সংঘটিত হৈছে। ব্যাহত হৈছে জনজীৱন।
শনিবাৰে পুৱা বদ্ৰীনাথ-হৃষিকেশ ৰাষ্ট্ৰীয় ঘাইপথত হোৱা ভূমিস্খলনৰ বাবে বন্ধ হৈ পৰে কেদাৰনাথ যাত্ৰা। শ্ৰীনগৰ পৌৰী গড়ৱাল জিলা চক্ৰ বিষয়া অনুজ কুমাৰে জনোৱা মতে, বন্ধ পথৰ দুয়ো মূৰত প্ৰহৰী মোতায়েন কৰা হৈছে। ভাঙি যোৱা পথটোত যাতে কোনো লোক প্ৰৱেশ নকৰে তাৰ বাবে এই ব্যৱস্থা লোৱা হৈছে।
বৰ্তমান ধ্বংসাৱশেষ আঁতৰোৱাৰ কাম দ্ৰুতগতিত চলিছে। যদিও অবিৰত বৰষুণৰ বাবে কামত বাধাৰ সৃষ্টি হৈছে। ৰাষ্ট্ৰীয় ঘাইপথৰ কেবাটাও স্থানত নতুনকৈ ভূমিস্খলন সংঘটিত হৈছে।
চামোলী আৰক্ষীয়ে ছ’চিয়েল মিডিয়াত পোষ্ট কৰি জনাইছে,নন্দপ্ৰয়াগ আৰু ভানেৰোপানীৰ সমীপৱৰ্তী বদ্ৰীনাথ ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলন সংঘটিত হৈছে।ফলত কেদাৰনাথলৈ ৰাওনা হোৱা পৰ্যটকসকল বিপদত পৰিছে।
শুকুৰবাৰে সোণপ্ৰয়াগ-মানকটিয়া পথতো যানবাহন নিয়ন্ত্ৰণ কৰা হৈছে। ধাৰাসাৰ বৰষুণে বিপদৰ সৃষ্টি কৰিব পাৰে বুলি আশংকা কৰি প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰে। এই পথৰে আৰম্ভ হয় কেদাৰনাথ যাত্ৰা।
সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি কেদাৰনাথ তীৰ্থযাত্ৰীক এতিয়া গৌৰীকুণ্ডৰ সোণপ্ৰয়াগত ৰখা হৈছে। ৰুদ্ৰপ্ৰয়াগ আৰক্ষীয়ে জনোৱা মতে, পথৰ পৰা ধ্বংসাৱশেষ আঁতৰোৱাৰ পিছতহে যাত্ৰীসকলৰ বাবে পথ মুকলি কৰা হ’ব।
অৱশ্যে আৰক্ষী আৰু প্ৰশাসনে বাৰে বাৰে পৰ্যটকক সকীয়াই দিছে। লগতে বতৰৰ পৰিস্থিতিও নিৰীক্ষণ কৰিছে।






























