Indigo:পুনৰ বিমান অঘটন ! এইবাৰ যান্ত্ৰিক ত্ৰুটিৰ বাবে উৰা মাৰিব নোৱাৰিলে পাটনা অভিমুখী ইণ্ডিগ’ৰ এখন বিমান । তাৰ পাছতে বিমানখন বাতিল কৰাৰ সিদ্ধান্ত লয় কৰ্তৃপক্ষই।
তথ্য অনুসৰি, শুকুৰবাৰে বিয়লি প্ৰায় তিনি বাজি ১৫ মিনিটত কলকাতাৰ পৰা যাত্ৰা আৰম্ভ কৰি বিমানখন ৰাঁচীৰ বীৰছা মুণ্ডা বিমানবন্দৰত উপস্থিত হয়।তাৰ পৰাই বিমানখন প্ৰথমে পাটনা আৰু তাৰ পাছত লক্ষ্ণৌলৈ যোৱাৰ কথা আছিল।
কিন্তু ৰাঁচীৰ পৰা উৰণৰ পূৰ্বে যেতিয়া বিমানখনৰ পৰিস্থিতি পৰীক্ষা কৰা হ’ল,তেতিয়াই বিমানখনৰ ক্ৰুৱে বিমানখনৰ যান্ত্ৰিক সমস্যা লক্ষ্য কৰে।
তথ্য অনুসৰি ,বিমানখনৰ এটা চকাত কিছু অসুবিধা হোৱাৰ পাছতে বিমানখন বাতিল কৰা হয়। পাছত বিমান সংস্থাটোৱে যাত্ৰীসকলৰ বাবে বিকল্প বিমানৰ ব্যৱস্থা কৰে।
ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষৰ এগৰাকী বিষয়াই কয়,”বৃহৎ কোনো যান্ত্ৰিক ত্ৰুটি হোৱা নাই । অৱশ্যে বিমানখনৰ চকাত কিছু সমস্যাই দেখা দিছিল। আনকি পাইলটে জনায়,টায়াৰত থকা বায়ুৰ পৰিমাণো কমি গৈছে। সেয়ে যাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ ৰাঁচীৰ পৰা বিমানখন উৰণৰ অনুমতি দিয়া হোৱা নাছিল।যাত্ৰীসকলৰ বাবে বিকল্প বিমানৰ ব্যৱস্থা কৰিছে বিমান সংস্থাটোৱে।”






























