Bihar CM Oath:
সকলো জল্পনা কল্পনাৰ অন্তত বুধবাৰে এনডিএ বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হোৱা বৰ্ষীয়ান ৰাজনীতিক নীতিশ কুমাৰে আজি দশমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী ৰূপে শপত লয় পাটনাৰ ঐতিহ্যমণ্ডিত গান্ধী ময়দানত।
একেদৰে পুনৰ দ্বিতীয়বাৰৰ বাবে উপ-মুখ্যমন্ত্ৰী ৰূপে শপত লয় সম্ৰাট চৌধুৰী আৰু বিজয় সিনহাই ৷ শপত লয় আন ২৫ জন মন্ত্ৰীয়ে I
শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত আছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী,গৃহমন্ত্ৰী অমিত শ্বাহ,বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা আৰু এনডিএ শাসিত মুখ্যমন্ত্ৰী- উপ- মুখ্যমন্ত্ৰী সহ জ্যেষ্ঠ নেতা সকল৷
উল্লেখ্য যে সদ্য সমাপ্ত বিহাৰ বিধানসভা নিৰ্বাচনত এনডিএ মহাজোঁটবন্ধনক পৰাভূত কৰি ২৪৩ খন আসনৰ ২০২ আসন লাভ কৰিবলৈ সক্ষম হয় ৷ মহাজোঁটবন্ধন ৩৫ আসনতে সীমাবদ্ধ থাকে ৷
এনডিএৰ অংশীদাৰ বিজেপিয়ে ৮৯,জেডিএউ ৮৫,এলজেপি ১৯ হাম ৫ আৰু আৰএলএম ৪ খন আসন লাভ কৰাৰ বিপৰীতে মহাজোঁটবন্ধনৰ আৰজেডি ২৫,কংগ্ৰেছ ৬ আৰু বাওঁমৰ্চা ৩ খন আসন লাভ কৰে ৷



































