Increased infection of swine fever:ৰাজ্যত উদ্বেগজনকভাবে সংক্রমণ বৃদ্ধি গাহৰি জ্বৰৰ

ৰে'লযোগে গাহৰি পৰিবহণত নিষেধাজ্ঞা

virus

Increased infection of swine fever:

ৰাজ্যত পুনৰ গুৰুতৰ ৰূপ ধাৰণ কৰিছে আফ্রিকান ছুৱাইন ফিভাৰ তথা গাহৰি জ্বৰে। কে’বাখনো জিলাত ইতিমধ্যে বৃহৎ সংখ্যক গাহৰি নিধন কৰাৰ পাছতো অতি সংক্রামক এই জ্বৰৰ সংক্ৰমণ অব্যাহত আছে।

ইয়াৰ পৰিপ্ৰেক্ষিতত তৎকালীনভাবে কার্যকৰী হোৱাকৈ অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগে ৰেলযোগে অসমলৈ আৰু অসমৰ মাজেৰে আন ৰাজ্যলৈ গাহৰি সৰবৰাহ নিষিদ্ধ কৰে। পৰৱৰ্তী নিৰ্দেশ জৰি নকৰা পর্যন্ত এই নির্দেশনা বাহাল থাকিব। অৱশ্যে পথযোগে অসমলৈ আৰু অসমৰ মাজেৰে অন্য ৰাজ্যলৈ নির্দিষ্ট কৰি দিয়া চৰ্ত অনুসৰি গাহৰিৰ পৰিবহণ অব্যাহত থাকিব। উল্লেখ্য যে অতি সংক্রামক এই ৰোগত আক্রান্ত গাহৰি মৃত্যুমুখত পৰে আৰু সুৰক্ষাৰ বাবে গাহৰিক নিধন কৰিবলগীয় ও হয়। ইয়াৰ ফলত ৰাজ্যৰ গাহৰি পালকসকল বিগত ২০২০ৰ পৰা ব্যাপকভাবে ক্ষতিগ্রস্ত হৈ আহিছে।

Exit mobile version