Vehicle Theft Arrested:
ফটাশিল-আমবাৰী আৰক্ষীৰ জালত ৪ দুৰ্ধৰ্ষ গাড়ী চোৰ ৷ জব্দ হয় চুৰি চাৰিচকীয়া বাহন ৷ মহানগৰীৰ জ্যোতিকুছিৰ ধোপোলিয়াৰ পৰা ইমান আলী নামৰ লোকজনৰ এএছ০১-কিউ চি-১৬২৮নম্বৰৰ টাটা যোধা বাহনখন খন চুৰি হয় ২১জুনত ৷ এই সন্দৰ্ভত আলীয়ে ফটাশিল-আমবাৰী থানাত দাখিল কৰে এখন এজাহাৰ ৷ ইয়াৰ পিছত বিশেষ সূত্ৰৰ পমখেদি আৰক্ষীয়ে ক্ষিপ্ৰতাৰে অভিযান চলাই ৰঙিয়াৰ পৰা ফুস্কি ওৰফে সোমেশ আলী নামৰ গাড়ী চোৰজনক আটক কৰে ৷
