Uttarakhand:উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাত দেওবাৰে ধাৰাসাৰ বৰষুণৰ ফলত ভয়ংকৰ দুৰ্যোগৰ সৃষ্টি হয়। ক্ষতিগ্রস্ত হৈছে বহু নিৰ্মীয়মাণ হোটেল। আকস্মিক বাবে উটুৱাই নিলে কমেও নজন শ্ৰমিক।
বৰ্তমানলৈকে তেওঁলোকলৰ কোনো সন্ধান পোৱা নাই।উত্তৰাখণ্ডত বিগত কিছুদিন ধৰি ধাৰাসাৰ বৰষুণ হৈ আহিছে। ইয়াৰ বাবেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভয়ংকৰ দৃশ্য পোহৰলৈ আহিছে।
ধাৰাসাৰ বৰষুণৰ ফলত দেওবাৰে বৰকোট-যমুনোত্ৰী পথত নিৰ্মীয়মাণ কেবাখনো হোটেলৰ ক্ষতিসাধন হয়। তথ্য অনুসৰি, সেই সময়ত তাত ন জন শ্ৰমিক উপস্থিত আছিল।আকস্মিক বানত তেওঁলোক উটি গ’ল।
উত্তৰকাশীৰ দণ্ডাধীশ প্ৰশান্ত আৰ্য্যই কয় যে, “উদ্ধাৰ অভিযান ইতিমধ্যে আৰম্ভ হৈছে। আৰক্ষী, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীকো মোতায়েন কৰা হৈছে। যুদ্ধকালীন তৎপৰতাত উদ্ধাৰ অভিযান চলি আছে।নিৰুদ্দেশ হোৱা শ্ৰমিকক বিচাৰিবলৈ অনুসন্ধান আৰম্ভ কৰা হৈছে।”
ইতিমধ্যে বতৰ বিজ্ঞান বিভাগে সমগ্ৰ উত্তৰাখণ্ডৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে। তদুপৰি দেওবাৰ আৰু সোমবাৰেও ৰাজ্যত ধুমুহাৰ স’তে প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে।
প্ৰসংগক্ৰমে অবিৰত বৰষুণৰ বাবে শনিবাৰে বদ্ৰীনাথ-হৃষিকেশ ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলন সংঘটিত হয়। ফলত বদ্ৰীনাথ, কেদাৰনাথ আৰু হেমকুণ্ডলৈ যোৱা পথসমূহ বন্ধ হৈ পৰে। ইয়াৰ বাবে কেদাৰনাথ যাত্ৰা সাময়িকভাৱে ব্যাহত হৈ পৰে।
