তামিলনাডুত অবৈধ প্ৰৱেশৰ অপৰাধত উপকূলৰক্ষী বাহিনীৰ হাতত গ্ৰেপ্তাৰ তিনি শ্ৰীলংকাৰ নাগৰিক

IMG 20250629 150209

Tamil Nadu:তামিলনাডুত অবৈধভাৱে প্ৰৱেশ কৰাৰ অভিযোগত ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে গ্ৰেপ্তাৰ কৰিছে শ্ৰীলংকাৰ তিনিজন নাগৰিকক। সূত্ৰ অনুসৰি তেওঁলোকৰ বিৰুদ্ধে অপৰাধমূলক অভিযোগ আছে।

তথ্য অনুসৰি, ক’ষ্ট গাৰ্ডে গোপনীয় সূত্ৰৰ পৰা তথ্য লাভ কৰিছিল যে তামিলনাডুৰ ধনুষকোটি আৰু ইয়াৰ কাষৰীয়া অঞ্চলত একাংশ শ্ৰীলংকাৰ নাগৰিকে অবৈধভাৱে প্ৰৱেশ কৰিছিল।

ইয়াৰ পাছতে বাহিনীটোৱে অঞ্চলটোত নিৰাপত্তা কটকটীয়া কৰে। নিয়মীয়াকৈ টহলও চলি আছিল। সূত্ৰৰ অনুসৰি,শনিবাৰে পুৱা তামিলনাডু উপকূলত দেখা গৈছিল তিনিওজন যুৱক।

তেওঁলোকক প্ৰত্যক্ষ কৰা লগে লগে ক’ষ্ট গাৰ্ডে তেওঁলোকক গ্ৰেপ্তাৰ কৰে। ধৃত লোক দুজন হৈছে সুমিথ ৰ’লেণ্ড ফাৰ্নাণ্ডো, চাহাৰা গুনাথিলাগা আৰু কাভিলান।

তেওঁলোকৰ ভাৰতলৈ অহাৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। তদন্তকাৰী বিষয়াসকলে জনোৱা মতে, বন্দীসকলক জেৰা কৰাৰ পিছতহে সমগ্ৰ বিষয়টো স্পষ্ট হ’ব।

ক’ষ্ট গাৰ্ডৰ এজন বিষয়াই কয়, “তিনিওজন যুৱকে তামিলনাডুৰ পচমলাই জিলাত কেবাদিনো ধৰি অবৈধভাৱে বাস কৰিছিল। অৱশ্যে শেহতীয়াকৈ ভাৰত এৰি আন দেশলৈ যোৱাৰ পৰিকল্পনা কৰিছিল।কিন্তু শেষত তিনিওজন ধৰা পৰিল।”

তদন্তৰ এক সূত্ৰই জনোৱা মতে, ধৃত লোক কেইজন ড্ৰাগছ সৰবৰাহৰ চক্ৰৰ স’তে জড়িত। সেই নেটৱৰ্কৰ জৰিয়তে তেওঁলোকে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল।

Exit mobile version