Two-Wheeler Rule:মটৰ চাইকেল ক্ৰয় কৰিলে এটাৰ পৰিৱৰ্তে গ্ৰাহকক দুটাকৈ হেলমেট দিব লাগিব। কেৱল সেয়া নহয়, সেই হেলমেটৰ গুণমানো সঠিক হ’ব লাগিব। অর্থাৎ সেই হেলমেটবোৰ হ’ব লাগিব ব্যুৰ’ অৱ ইন্ডিয়ান ষ্টেণ্ডার্ডছ (বিআইএছ)ৰ দ্বাৰা স্থিৰ কৰি দিয়া গুণমান অনুসৰি।
মটৰ চাইকেল নিৰ্মাণকাৰী কোম্পানীসমূহৰ বাবে এইবাৰ এই নতুন নিয়ম আনিবলৈ সাজু হৈছে কেন্দ্ৰ। অৱশ্যে বিষয়টো এতিয়াও প্ৰস্তাৱৰ আকাৰতে আছে।’চেন্ট্রেল মটৰ ভেহিকল ৰুলছ,১৯৮৯’ত কিছু পৰিৱৰ্তনৰ প্ৰস্তাৱ দিছে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্রণালয়ে।
তাতেই দুটাকৈ হেলমেট প্ৰদানৰ প্ৰস্তাৱ উল্লেখ কৰা হৈছে বুলি সূত্রই প্রকাশ কৰিছে। মটৰ চাইকেল চালকৰ উপৰি পাছৰ আসনত বহা আৰোহীসকলৰ নিৰাপত্তাৰ স্বাৰ্থৰ কথা ভাবিয়ে এই চিন্তা-চৰ্চা আৰম্ভ হৈছে।
এই প্রসংগত মন্ত্রণালয়ৰ তৰফৰ পৰা এক বিজ্ঞপ্তিও জাৰি কৰা হৈছে। বিজ্ঞপ্তিত কোৱা হৈছে যে ‘চেন্ট্ৰেলমটৰ ভেহিকল ৰুলছ, ২০২৫’ প্রচলন হোৱাৰ তিনি মাহৰ ভিতৰত এই নতুন নিয়ম প্ৰৱৰ্তন কৰা হ’ব।
মটৰ চাইকেল নিৰ্মাণকাৰী কোম্পানীসমূহক সেই মর্মেই নির্দেশ দিয়া হ’ব। মটৰ – চাইকেল ক্ৰয় কৰিলেই গ্রাহকক দুটা হেলমেট প্ৰদান কৰাটো বাধ্যতামূলক হ’ব। সেই হেলমেট বিনামূল্যে দিব লাগিব।
তদুপৰি নিৰাপত্তা সংক্রান্তীয় আৰু এটা নিয়ম আনিব বিচাৰিছে কেন্দ্ৰই। ৫০ চিচিৰ ওপৰত যিবোৰ মটৰ চাইকেল আৰু স্কুটাৰ আছে অথবা যিবোৰ মটৰ চাইকেলৰ সৰ্বাধিক গতি ঘণ্টাত ৫০ কিলোমিটাৰৰ বেছি, সেইবোৰ মটৰ চাইকেলত ‘এন্টি লক ব্রেকিং ছিষ্টেম’ (এবিএছ) ৰখাটো বাধ্যতামূলক হ’ব।
২০২৬ৰ পহিলা জানুৱাৰীৰ পৰা এই নিয়ম কাৰ্যকৰী হ’বলৈ। সেই এবিএছসমূহ হ’ব লাগিব আইএছআই ষ্টেণ্ডাৰ্ডৰ।






























