Chardham : ধাৰাসাৰ বৰষুণৰ ফলত উত্তৰাখণ্ডত ভূমিস্খলন। ব্যাহত চাৰধাম যাত্ৰা। অহা ২৯ জুন দেওবাৰৰ পৰা অহা ২৪ ঘণ্টাৰ বাবে চাৰধাম যাত্ৰা স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য প্ৰশাসনে।
ফলত হৰিদ্বাৰ, ঋষিকেশ, শ্ৰীনগৰ, ৰুদ্ৰপ্ৰয়াগ, সোণপ্ৰয়াগকে ধৰি বিভিন্ন স্থানত আবদ্ধ হৈ আছে হেজাৰ হেজাৰ তীৰ্থযাত্ৰী। উত্তৰাখণ্ডত আৰু অধিক ধাৰাসাৰ বৰষুণৰ ভৱিষ্যদ্বাণী কৰিছে বতৰ বিজ্ঞান বিভাগে।
তীৰ্থযাত্ৰীসকলকো সজাগ হ’বলৈ কোৱা হৈছে।উত্তৰাখণ্ডত জাৰি কৰিলে ৰেড এলাৰ্ট।
উত্তৰাখণ্ডৰ কেবাখনো জিলাত প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণৰ ভৱিষ্যদ্বাণী কৰিছে আই এম ডিয়ে। ইতিমধ্যে তাত ৰেড এলাৰ্ট জাৰি কৰা হৈছে।
এনে পৰিস্থিতিত কেন্দ্রই ৰাজ্য প্রশাসন আৰু আৰক্ষীক কঠোৰ নির্দেশ জাৰি কৰিছে যাতে তীৰ্থযাত্ৰীসকলৰ সুৰক্ষা সুনিশ্চিত হয়৷
গড়ৱাল সংমণ্ডলৰ আৰক্ষী আয়ুক্ত বিনয় শংকৰ পাণ্ডেই কয় , “হৰিদ্বাৰ, ঋষিকেশ, শ্ৰীনগৰ, ৰুদ্ৰপ্ৰয়াগ, সোণপ্ৰয়াগ আৰু বিকাশনগৰৰ পাছত তীৰ্থযাত্ৰীক আগবাঢ়ি যাবলৈ দিয়া হোৱা নাই। পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে চাৰধাম যাত্ৰা স্থগিত ৰখা হৈছে । আৱদ্ধ হৈ থকা তীৰ্থযাত্ৰীসকলক নিৰাপদ স্থানলৈ নিয়াৰ ব্যৱস্থা কৰা হৈছে।’
চাৰধাম যাত্ৰা পথত ভূমিস্খলন, ব্যাহত জনজীৱন।
বিগত কিছুদিন ধৰি উত্তৰাখণ্ডত নেৰানেপেৰা বৰষুণ ।যাৰ বাবে কেদাৰনাথ, বদ্ৰীনাথ, গংগোত্ৰী আৰু যমুনোত্ৰীৰ বিভিন্ন পাহাৰৰ পৰা ভূমিস্খলন সংঘটিত হৈছে।
শিল সৰি পৰাৰ ফলত বন্ধ হৈ পৰিছে পথ। ছিৰবগড়ত শুকুৰবাৰে গভীৰ নিশাৰ পৰা বন্ধ হৈ আছে ঋষিকেশ-বদ্ৰীনাথ ৰাষ্ট্ৰীয় ঘাইপথ।
প্ৰশাসন আৰু দুৰ্যোগ সঁহাৰি বাহিনী (SDRF, NDRF, RF) য়ে যুদ্ধকালীন তৎপৰতা অভিযান হিচাপে পথ মেৰামতিৰ কাম কৰিছে। অৱশ্যে বৰষুণৰ বাবে তেওঁলোকৰ কামত বাধাৰ সৃষ্টি হৈছে। তীৰ্থযাত্ৰীসকলকো সাৱধান হ’বলৈ পৰামৰ্শ দিয়া হৈছে।






























