এতিয়াৰে পৰা মেঘালয়ৰ পৰ্যটকৰ বাবে বাধ্যতামূলক নতুন নিয়ম

IMG 20250630 234847

Meghalaya Tour : সম্প্ৰতি সোণম-ৰাজা ৰঘুবংশী কাণ্ডই সমগ্ৰ দেশ কঁপাই তুলিছিল । এই ঘটনাৰ পৰিপ্ৰেক্ষিতত মেঘালয়ত পৰ্যটকৰ বাবে জাৰি কৰা হৈছে নতুন নিয়ম।

সোমবাৰে মেঘালয় চৰকাৰে জনাইছে, এতিয়াৰে পৰা পূব খাছি পাহাৰ জিলাত ট্ৰেকিং কৰিবলৈ যোৱা যিকোনো ব্যক্তিয়ে চৰকাৰী অনুমোদিত আৰু প্ৰমাণিত গাইড নিয়োগ কৰিব লাগিব।

উল্লেখ্য যে,শেহতীয়াকৈ পূব খাছি পাহাৰৰ ৱেই সাওডং জলপ্ৰপাত এলেকাত নিহত হয় ৰাজা ৰঘুবংশী।হত্যাকাৰীয়ে অঞ্চলটোৰ নিসংগতাৰ সুযোগ লৈ এই ঘটনা সংঘটিত কৰে ।

এনে নিৰ্জন অঞ্চল ভ্ৰমণৰ সময়ত কোনো পৰ্যটক যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে গাইড থকাটো বাধ্যতামূলক কৰা হৈছে।

অঞ্চলটোৰ ৰিজ’ৰ্ট আৰু হোটেলৰ মালিকসকলেও ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তক সমৰ্থন কৰিছে।

প্ৰথম অৱস্থাত ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডই মেঘালয়ৰ পৰ্যটকৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন কৰিছিল। কোৱা হৈছিল যে মেঘালয় পৰ্যটকৰ বাবে সুৰক্ষিত নহয়।

যদিও এই অভিযোগ পিছলৈ নস্যাৎ কৰা হয়।তথাপিও ভৱিষ্যতে যাতে পৰ্যটকৰ সুৰক্ষা সম্পৰ্কে আৰু কোনো প্ৰশ্ন উত্থাপন নহয় তাৰ বাবে মেঘালয় চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে।

Exit mobile version