Illegal Greval Dumper Seized In Bilasipara:বন বিভাগৰ আকস্মিক অভিযানত জব্দ চালান বিহীন শিল কঢ়িওৱা মিনি ড্ৰাম্পাৰ

tree1

Illegal Greval Dumper Seized In Bilasipara:

বিলাসীপাৰাত বন বিভাগৰ আকস্মিক অভিযান। অভিযানত সূৰ্য্যখাতাৰ ঘাই পথৰ পৰা এখন চালান বিহীন শিল কঢ়িওৱা মিনি ড্ৰাম্পাৰ জব্দ কৰে বন বিভাগে। জব্দকৃত ড্ৰাম্পাৰ খনৰ নম্বৰ AS 17 C 6717 ।

শালকোচা আঞ্চলিক বন বিষয়া নেতৃত্বত চলিছিল এই অভিযান। সম্প্ৰতি জব্দকৃত ড্ৰাম্পাৰ খন শালকোচা আঞ্চলিক বন বিষয়া কাৰ্যালয়ত ৰাখি তদন্ত অব্যাহত ৰাখিছে বন বিভাগে।

ইফালে নিশা শালকোচাৰ সৰ্পমাৰী সংৰক্ষিত বনাঞ্চলৰ পৰা চোৰাং কৈ গছ কাটি থকা অৱস্থাত এজন চোৰাং কাঠ মাফিয়াক গ্ৰেপ্তাৰ কৰে শালকোচা বন বিভাগে। ধৃত কাঠ মাফিয়া জন হায়াত আলী বুলি জানিব পৰা গৈছে। আন্ধাৰ সুযোগ গ্ৰহণ কৰি আন কেইবাজনো কাঠ মাফিয়াৰ পলাই যাবলৈ সক্ষম হয়।

Exit mobile version