এইবাৰ বিদেশত বিপদত পৰিল এয়াৰ ইণ্ডিয়া !

IMG 20250701 201337

Air India:আহমেদাবাদ কাণ্ডৰ পাছতে বহিঃৰাজ্যত বিপদত পৰিলে এয়াৰ ইণ্ডিয়া ! সূত্ৰসমূহে জনোৱা মতে, ইতিমধ্যে কেবাটাও আন্তঃৰাষ্ট্ৰীয় আইন প্ৰতিষ্ঠানে দুৰ্ঘটনাটোত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালৰ স’তে যোগাযোগ কৰিছে।

ইয়াৰ ভিতৰত উল্লেখযোগ্য হ’ল ব্ৰিটেইনৰ কীষ্টোন আৰু আমেৰিকাৰ উইন্সৰ ল’ফাৰ্ম।শীঘ্ৰেই তেওঁলোকে ভাৰতীয় বিমান সংস্থাটোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ সম্ভাৱনা।

এয়াৰ ইণ্ডিয়াৰ লগতে এই প্ৰতিষ্ঠানসমূহে আমেৰিকাৰ বিমান নিৰ্মাতা কোম্পানী বয়িঙৰ বিৰুদ্ধেও আদালতলৈ যাব পাৰে।

কীষ্টোন ল’ফাৰ্মৰ অংশীদাৰ জেমছ হিলি প্ৰাটে কয় যে,”আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা ব্ৰিটিছ নাগৰিকৰ পৰিয়ালৰ স’তে আমি কথা পাতিছো। বৰ্তমানলৈকে পোহৰলৈ অহা সকলো নথি-পত্ৰ আৰু তথ্য আমি পৰ্যালোচনা কৰিছো।”

যোৱা ১২ জুনত উৰণৰ কিছু সময়ৰ পাছতে আহমেদাবাদ বিমানবন্দৰৰ সমীপত এয়াৰ ইণ্ডিয়াৰ এখন যাত্ৰীবাহী বিমান দুৰ্ঘটনাগ্ৰস্ত হয়।

লণ্ডন অভিমুখী বিমানখনত ২৪১ জন লোকৰ মৃত্যু হয়। এজন ব্যক্তি জীৱিত অৱস্থাত উদ্ধাৰ বিপৰীতে সকলো যাত্ৰীয়ে মৃত্যু মুখত পৰিছে। যাত্ৰীসকলৰ ভিতৰত ১৬৯ জন ভাৰতীয়, ৫৩ জন ব্ৰিটিছ আৰু সাত জন পৰ্তুগীজ আৰু এজন কানাডিয়ান আছিল।

Exit mobile version