Himachal:হিমাচল প্ৰদেশৰ মাণ্ডিত প্ৰচণ্ড বৰষুণে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। ভূমিস্খলন আৰু বানপানীয়ে ব্যাহত কৰিছে জনজীৱন। এই পৰ্যন্ত তিনি জন লোকৰ মৃত্যু হৈছে আৰু ৩০ জনতকৈ অধিক লোক সন্ধানহীন হৈছে। তদুপৰি অঞ্চলটোৰ কেবাটাও ঘৰৰ ক্ষতিসাধন হৈছে।
হিমাচল প্ৰদেশত কেবাদিনো ধৰি চলিব এই ধাৰাসাৰ বৰষুণ। অৱশ্যে সোমবাৰে নিশাৰ পৰা বৃদ্ধি পাইছে বৰষুণৰ পৰিমাণ।
তথ্য অনুসৰি,সোমবাৰৰ নিশাৰ পৰা আৰম্ভ হোৱা ধাৰাসাৰ বৰষুণৰ ফলত মাণ্ডী জিলাৰ বিভিন্ন অঞ্চলত ভূমিস্খলনৰ সৃষ্টি হৈছে। কাৰ্ছগ, ছেৰাজ আৰু ধৰমপুৰ অঞ্চলত স্বাভাৱিক জীৱন কাৰ্যতঃ ব্যাহত হৈছে।
ভূমিস্খলনৰ ফলত ঘৰ দুৱাৰৰ লগতে কেবাখনো বাহনৰ ক্ষতিসাধন হৈছে।ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত কিটাৰপুৰ-মানালী ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ হৈ পৰিছে।
যাৰ ফলত যাতায়তত প্ৰভাৱ পৰিছে। নিশাৰ ভিতৰতে সুৰংগটোত আবদ্ধ হৈ পৰে বহু যাত্ৰী।
সতৰ্কতামূলক ব্যৱস্থা হিচাপে মঙলবাৰে প্ৰশাসনে মাণ্ডী জিলাৰ সকলো শিক্ষানুষ্ঠানৰ বাবে এদিনীয়া বন্ধ ঘোষণা কৰিছে। তদুপৰি প্ৰশাসন আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে দ্ৰুততাৰে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে।
আনহাতে বিয়াছ নদীৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰেদি বৈছে। ইয়াৰ বাবে পাণ্ডোহ আৰু লাৰ্জী মথাউৰিৰ পৰা পানী এৰি দিয়া হৈছে। সতৰ্কতামূলক ব্যৱস্থা হিচাপে লাৰ্জী আৰু দহৰ জলবিদ্যুৎ প্ৰকল্পত বিদ্যুৎ উৎপাদন আপাততঃ বন্ধ কৰি দিয়া হৈছে।
বতৰ বিজ্ঞান বিভাগে আগন্তুক ৪৮ ঘণ্টা হিমাচল প্ৰদেশত ধাৰাসাৰ বৰষুণ হোৱাৰ সতৰ্কবাণী জাৰি কৰিছে। স্থানীয় লোকক নিম্নভূমিৰ পৰা নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে।
