Beef Seized :
নিষিদ্ধ মাংসৰ বিৰুদ্ধে এক্সন মুডত আৰক্ষী | নিষিদ্ধ মাংস বিচাৰি ডিব্ৰুগড়,নগাঁও,কোকৰাঝাৰ সহ ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰক্ষীৰ অভিযান | ডিব্ৰুগড়ৰ কেইবাখনো হোটেলত আৰক্ষীৰ অভিযান | গো- মাংস বিক্ৰী কৰাৰ অভিযোগ। মুখ্যমন্ত্ৰীয়ে গো-বধৰ বিৰুদ্ধে সৰৱ হৈ থকা সময়তে ডিব্ৰুগড়ত গৰু মাংসৰ বিৰুদ্ধে বৃহৎ অভিযান।
ডিব্ৰুগড় মহানগৰৰ কালিবাৰী স্থিত শামা হোটেল, পাঁচ আলিৰ তিনি খন হোটেল, কাইনাট হোটেল, আফৰিন হোটেল আৰু চেলিম হোটেলত ডিব্ৰুগড় আৰক্ষীৰ অভিযান। দীৰ্ঘদিন ধৰি মুকলিকৈ গো-মাংস বিক্ৰী কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে হোটেল কেইখনৰ বিৰুদ্ধে। হোটেল কেইখনত ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধিক্ষকৰ লগতে আৰক্ষীৰ এটা বৃহৎ দল উপস্থিত হৈ অভিযান চলাই।হোটেল খনত মোতায়েন কৰা হৈছে চিআৰপিএফ জোৱান। হোটেল কেইখনত অভিযান চলাই জব্দ কৰিছে বহুতো খাদ্য সামগ্ৰী সহ গো-মাংস।
# ফকিৰাগ্ৰাম সদৰ চহৰত গো-মাংস বিচাৰি আৰক্ষীৰ অভিযান,গো- মাংস সহ এজনক আটক
ফকিৰাগ্ৰামত গো-মাংস বিচাৰি আৰক্ষীৰ অভিযান । ফকিৰাগ্ৰামৰ জামে মছজিদৰ ওচৰত থকা ইছলাম হোটেলৰ পৰা গো- মাংস সহ এজন ব্যক্তিক আটক কৰে আৰক্ষীয়ে। আটকাধীন লোকজন আইজুল হক বুলি জানিব পৰা গৈছে।ফকিৰাগ্ৰামৰ ৰেলগেটৰ ওচৰত থকা ইছলাম হোটেলৰ পৰা ৰন্ধা গো মাংসৰ লগতে ১০ কেজি কেচা গো- মাংসও উদ্ধাৰ কৰে ফকিৰাগ্ৰাম আৰক্ষীয়ে।
ফকিৰাগ্ৰাম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিচিং বে আৰু কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নবনিতা শৰ্মাৰ উপস্থিতিত উদ্ধাৰ কৰে গো মাংসখিনি। জানিব পৰা মতে দীৰ্ঘদিনৰ পৰা ফকিৰাগ্ৰামৰ উক্ত ইছলাম হোটেলত উক্ত লোকজনে গো মাংস বিক্ৰী কৰি আহিছে বুলিও জানিব পৰা গৈছে।
# নগাঁৱতো নিষিদ্ধ গো- মাংসৰ বিৰুদ্ধে অভিযান
নগাঁৱতো নিষিদ্ধ মাংসৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান | নগাঁও চহৰৰ বৰবজাৰ, ঢাকাপট্টীত অভিযান | অভিযানত তিনিখন হোটেলত জব্দ হয় নিষিদ্ধ মাংস জব্দ | হোটেল তাজ, হোটেল আয়ুব,হোটেল আল্লাৰাখাৰ পৰা জব্দ কৰা হয় নিষিদ্ধ গো- মাংস |
#বিজনীতো অবৈধ গো মাংসৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ
বিজনীতো অবৈধ গো মাংসৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ | বিজনী চহৰৰ সুভাইজাৰ পথত থকা হোটেল ৰায়হান ৰোজ নামৰ হোটেলত অভিযান বিজনী আৰক্ষীৰ।
