Bengaluru Murder:
বাংগালুৰুত এক লোমহর্ষক ঘটনাত আবর্জনা কঢ়িওৱা ট্ৰাকৰ ভিতৰত বস্তাত ভৰাই থোৱা অৱস্থাত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হয়। হত্যাকাণ্ডৰ বলি হোৱা ৪০ বছৰীয়া আশা নামৰ মহিলা গৰাকীৰ হত্যাকাৰীৰপে অভিযোগৰ আঙুলি উঠিছে অসমৰ প্ৰকৃত বাসিন্দা ছামছুদ্দিন নামৰ ৩৩ বছৰীয়া এজন লোকৰ বিৰুদ্ধে।
বৃহত্তৰ বাংগালুৰু মহানগৰ পালিকা (বিবিএমপি) ৰ চাফাই কর্মীয়ে দেওবাৰে এটা বস্তাৰ বেগত ভৰাই থোৱা অৱস্থাত এখন আৱৰ্জনাৰ ট্ৰাকৰ ভিতৰত এই মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে। আৰক্ষীয়ে জনোৱা মতে, তেওঁৰ হাত দুখন ডিঙিৰ স’তে লগ লগাই বান্ধি থোৱা অৱস্থাত আছিল। বাংগালুৰু আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি তদন্ত আৰম্ভ কৰিছে।
আশা আৰু ছামছুদ্দিনে বিবাহিত হ’লেও একেলগে বাস কৰিছিল। আৰক্ষীয়ে ইতিমধ্যে ছামছুদ্দিনক গ্ৰেপ্তাৰ কৰে। চিচি টিভিৰ ফুটেজ পৰীক্ষা কৰাৰ লগতে অন্যান্য তথ্য-প্রমাণেও হত্যাৰ ঘটনাৰ স’তে ৩৩ বছৰীয়া ছামছুদ্দিন জড়িত হৈ থকাটো প্রায় নিশ্চিত কৰা বুলি আৰক্ষী সূত্ৰত প্রকাশ।
আৰক্ষীয়ে জনোৱা মতে, নিহত মহিলাগৰাকীৰ স’তে দক্ষিণ বাংগালুৰুৰ হুলিমাভুৰ এটা ভাড়াঘৰত একেলগে বাস কৰিছিল ছামছুদ্দিনে। দুয়ো বিবাহিত আৰু তেওঁলোকৰ দুটাকৈ সন্তানো আছে। আশা আৰু ছামছুদ্দিনে নিজকে স্বামী-স্ত্রী বুলি পৰিচয় দিছিল। এগৰাকী বিধৱা মহিলা আশাই এটা সংস্থাত কাম কৰিছিল আৰু এই মর্মে বিভিন্নজনৰ ঘৰত ঘৰুৱা সহায়কৰ কাম কৰিছিল। আশা বাংগালুৰুৰ স্থানীয় বাসিন্দা।
ইপিনে, ছামছুদ্দিনৰ পত্নী আৰু দুটি সন্তান অসমতে থাকে। বাংগালুৰুৰ উপ-আৰক্ষী আয়ুক্ত (দক্ষিণ)ই লোকেশ বি জাগালাছাৰে কয় যে দুয়োৰে প্ৰথমতে তর্কাতর্কি হৈছিল আৰু পাছত ইয়ে চূড়ান্ত ৰূপ লয়, ফলত হত্যাৰ বলি হয় আশা। ছামছুদ্দিনে আশাক ডিঙি চেপি হত্যা কৰা বুলি তেওঁ কয়। সংগীক হত্যা কৰাৰ পাছত অভিযুক্ত ছামছুদ্দিনে মৃতদেহটো ২০ কিলোমিটাৰ মটৰ চাইকেলৰে কঢ়িয়াই নিয়ে আৰু আৱৰ্জনাৰ ট্ৰাকত পেলাই থৈ পলায়ন কৰে। এই সমগ্র ঘটনা চিচি টিভিত আবদ্ধ হয়।
মৃতদেহ উদ্ধাৰৰ ২০ ঘণ্টাৰ পাছত গ্ৰেপ্তাৰ হয় ছামছুদ্দিন। আৰক্ষী বিষয়া জাগালাছাৰে জনোৱা মতে, কোৰামাংগালাৰ এছটি বেড লেআউট অঞ্চলত পুৱতি নিশা দুই বজাত মৃতদেহ উদ্ধাৰ হৈছিল। স্থানীয় বাসিন্দাৰ আপত্তি মর্মে অভিযান চলাই চাফাই কৰ্মীয়ে মৃতদেহ উদ্ধাৰ কৰাৰ পাছত হত্যাৰ গোচৰ পঞ্জীয়ন কৰা হয়। বাংগালুৰুৰ স্থানীয় বাসিন্দা বিধৱা মহিলাগৰাকীয়ে প্ৰায় ডেৰ বছৰ ধৰি ছামছুদ্দিনৰ স’তে সম্পৰ্ক ৰক্ষা কৰি অহাৰ পাছত চাৰি মাহ পূর্বে তেওঁলোক একেলগে বাস কৰিবলৈ লয় আৰু সমাজত নিজকে বিবাহিত দম্পতী বুলি পৰিচয় দিয়ে।
হুলিমাভুৰ সমীপৱৰ্তী হাউছকিপিং কোম্পানীতে দুয়ো একেলগে চাকৰি কৰিছিল। আৰক্ষী সূত্রত প্রকাশ যে শেহতীয়াভাৱে সঘন তর্ক-বিতৰ্কৰ ফলত এই সম্পৰ্কত ঘুণে ধৰিবলৈ আৰম্ভ কৰিছিল। অভিযোগ অনুসৰি, আশাই মদ্যপানৰ আসক্তিত ভুগিছিল। যাৰ বাবেই প্ৰথমতে দুয়োৰে মাজত সংঘাত আৰম্ভ হয়। তদুপৰি বহু নিশা পর্যন্ত একাধিক ফোনকলত ব্যস্ত থাকিছিল আশা।
ঘটনাৰ নিশা ছামছুদ্দিনে ঘৰলৈ সুৰাসক্ত অৱস্থাত ঘৰলৈ উভতি আহে আৰু দুয়োৰে মাজত আৰম্ভ হয় তর্ক-বিতর্ক। এটা সময়ত ই চূড়ান্ত ৰূপ ধাৰণ কৰে আৰু ছামছুদ্দিনে আশাক ডিঙি চেপি হত্যা কৰে। হত্যাৰ পাছত ছামছুদ্দিনে মৃতদেহৰ ভৰি দুখন ডিঙিৰ স’তে বান্ধি এটা বস্তাৰ মোনাত ভৰাই আৱৰ্জনাৰ মাজত পেলাই থৈ প্রমাণ লুকুৱাবলৈ চেষ্টা কৰে।
প্ৰাথমিক তদন্তত প্রকাশ যে হত্যাৰ পূর্বে যৌন আতিশয্যৰো বলি হয় আশা। তেওঁৰ শৰীৰত কোনো অন্তর্বাস নাছিল আৰু পৰিধানত আছিল প্রাইভেট কোম্পানীৰ টেগ থকা টিশ্বার্ট আৰু পেন্ট। মৃতদেহ উদ্ধাৰ হোৱা স্থান আৰু অঞ্চলৰ বাট-পথত থকা চিচি টিভি ফুটেজৰ সহায়ত অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী। তদন্তকাৰীয়ে ফুটেজত দেখা এখন মটৰ চাইকেল উদ্ধাৰ কৰাৰ পাছত ছামছুদ্দিনক জব্দ কৰে। সম্প্ৰতি আৰক্ষীয়ে তেওঁক সোধপোছ কৰি আছে।






























