Kidnaping Incident:
কোকৰাঝাৰ জিলাৰ সেৰফানগুৰী থানাৰ অধীনস্থ জাফলং গাৱঁৰ বাসিন্দা কাল্টুৰাম ৰায়ৰ পত্নী ফুৰ ফুৰি ৰায়ে যোৱা ১৪ এপ্ৰিল সেৰফানগুৰীৰ পৰা শক্তিআশ্ৰমলৈ আহি থকা অৱস্থাত নিৰুদ্দেশ হয় । নিৰুদ্দেশ হোৱা বোৱাৰী ফুৰ ফুৰি ৰায়ক ফুটকিবাৰী বাকুৱা ভাঙি গাৱঁৰ পোপাল ৰায়ে অপহৰণ কৰে বুলি আজি স্বামী কাল্টু ৰাম ৰায়ে অভিযোগ তোলে ।
ADVERTISEMENT
যোৱা তিনিমাহৰ পৰা নিজ পত্নী নিৰুদ্দেশ হৈ থকাৰ বাবে আজি সংবাদ মাধ্যমৰ কাষ চাপে । যদি কোনো ব্যক্তিয়ে প্ৰত্যক্ষ কৰে তেনে হ’লে 8921082623 আৰু 9678964259 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায় পৰিয়ালৰ লোকে।






























