Shocking incident in Bokakhat:
দিনৰ পোহৰতে চিনেমাৰ কাইদাৰে অপহৰণ কৰি লৈ গ’ল কলেজীয়া ছাত্রক ৷ আৰক্ষীৰ নামলৈ যুৱকৰ দল এটাই আনকি আক্ৰমণ কৰে বৃদ্ধ দম্পত্তিক ৷ এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হয় বোকাখাতৰ গোঁসাইবাৰীত ।
প্ৰাপ্ত খবৰ অনুসৰি গোঁসাইবাৰীৰ নিবাসী নুৰুল হুছেইছৰ নাতি ল’ৰা মঞ্জিল আহমেদে গুৱাহাটীৰ ধীৰেনপাৰাৰ পৰা এগৰাকী যুৱতীক বিবাহ কৰাই আনিছিল বোকাখাতলৈ।
ঘৰৰ অমতত বিবাহ কৰাৰ দোষতে ধীৰেনপাৰাৰ পৰিয়ালটোৱে বোকাখাতলৈ আহি আজি হঠাতে পুৱা পাঁচ বজাত নুৰুল হুছেইছৰ গোঁসাইবাৰীত বাসগৃহত উপস্থিত হয় ৷ পৰিয়ালটোৰ স’তে অহা যুৱকৰ দলটোৱে বলপূৰ্বকভাৱে ঘৰৰ দুৱাৰ ভাঙি উলিয়াই লৈ যায় হুছেইনৰ নাতি মঞ্জিল আহমেদ আৰু নৱ বিবাহিত যুৱতী গৰাকীক। উদ্থাপিত যুৱকৰ দলটোৱে উদ্যত পিষ্টলৰ গাদীৰে আঘাত কৰে বৃদ্ধ হুছেইনক ৷
আনহাতে অনাকাংক্ষিত ঘটনাৰ পিছতে হুছেইনৰ পৰিয়ালে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰে বোকাখাত আৰক্ষী থানাত৷ দিনৰ পোহৰতে ছাত্ৰক অপহৰণ কৰি নিয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ বোকাখাতত ৷ আৰক্ষীৰ ক্ষিপ্ৰ তদন্তহে সমস্ত ঘটনা পোহৰলৈ অহাৰ আশা কৰিছে বোকাখাতৰ সচেতন মহলে৷






























