Russia Trade :ৰাছিয়াৰে বেহা ? পাঁচশ শতাংশ শুল্ক ট্রাম্পৰ

মার্কিন কংগ্রেছত দাখিল হোৱা বিধেয়কলৈ সমর্থন,বন্ধুত্বপূর্ণ সম্পৰ্কৰ দাবীৰ মাজতে ভাৰতত প্রচণ্ড নেতিবাচক প্ৰভাৱ পৰাৰ আশংকা, ক্ষতিগ্রস্ত হ'ব চীনো

putink

Russia Trade :

দেশৰ বৈদেশিক সম্পর্ক শেহতীয়াভাৱে প্রৱল প্রত্যাহ্বনৰ সম্মুখীন হোৱা বুলি চর্চিত হৈ থকাৰ সময়তে মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে নৰেন্দ্ৰ মোদী চৰকাৰক অধিক সংকটলৈ ঠেলি দিয়াৰ আশংকা প্রৱল হৈছে। ৰাছিয়াৰ পৰা সামগ্রী আমদানি কৰা দেশসমূহৰ ওপৰত পাঁচশ শতাংশ শুল্ক আৰোপৰ দিশে অগ্ৰসৰ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ। এই শুল্ক আৰোপ ব্যৱস্থা বলবৎ কৰাৰ উদ্দেশ্যে মার্কিন কংগ্রেছ (সংসদ) ত দাখিল হোৱা এখন বিধেয়কৰ প্ৰতি সম্প্রতি ৰাষ্ট্ৰপতি ট্রাম্পে সম্মতি প্রকাশ কৰিছে।

মঙলবাৰে ট্রাম্পে এই বিধেয়কলৈ সমর্থন ঘোষণা কৰে। ইয়াৰ লগে লগে বিধেয়কখন আইনত পৰিণত হোৱাৰ পথ প্রশস্ত হৈছে। ৰিপাব্লিকান সাংসদ লিগুছে গ্রাহামে উত্থাপন কৰা এই বিধেয়ক আইনত পৰিণত হ’লে ৰাছিয়াৰ পৰা সামগ্রী আমদানিকাৰী দেশসমূহৰ সামগ্ৰীৰ ওপৰত মার্কিন প্রশাসনে পাঁচশ শতাংশ শুল্ক আৰোপ কৰিব; অর্থাৎ এনে দেশসমূহে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ ৰপ্তানি কৰা সামগ্ৰীৰ বাবদ দেশখনে পাঁচশ শতাংশকৈ শুল্ক আদায় কৰিব। ইয়ে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ এই দেশসমূহৰ ৰপ্তানিকৃত সামগ্ৰীৰ পৰিমাণ হ্ৰাস কৰাৰ সম্ভাৱনা আছে। কাৰণ এনে বৃহৎ অংকৰ শুল্ক আৰোপৰ ফলত এনে সামগ্ৰীৰ মূল্য আমেৰিকা যুক্তৰাষ্ট্ৰত আকাশলংঘী হোৱাটো নিশ্চিত।

উল্লেখ্য যে ভাৰত আৰু চীনক প্রয়োজনীয় তেলৰ ৭০ শতাংশই ৰাছিয়াৰ পৰা আমদানি কৰে। গতিকে ভাৰত-চীনক লক্ষ্য কৰিয়ে ট্রাম্প প্রশাসনে উক্ত শুল্ক বিধেয়ক অনা বুলি ব্যাপকভাৱে চৰ্চিত হৈছে। এই সম্পর্কত বিধেয়কখন উত্থাপন কৰা মার্কিন সাংসদ গ্রাহামে সংবাদ মাধ্যমৰ আগত কয়, ‘যদি কোনো দেশে ৰাছিয়াৰ পৰা পণ্য ক্রয় কৰে তেন্তে সেই দেশৰ সামগ্ৰীৰ ওপৰত আমেৰিকা যুক্তৰাষ্ট্ৰই পাঁচশ শতাংশ শুল্ক আৰোপ কৰিব। চীন আৰু ভাৰতে ৰাছিয়াৰ পৰা ৭০ শতাংশ তেল ক্রয় কৰে।

ভ্লাডিমীৰ পুটিনে যুদ্ধ অব্যাহত ৰাখিছে।’ বিধেয়কখন আইনত পৰিণত হ’লে ভাৰতীয় অর্থনীতিত প্রচণ্ড জোঁকাৰণিৰ সৃষ্টি হোৱাৰ আশংকা কৰিছে অর্থনীতিবিদসকলে। যোৱা মে’ৰ তথ্য অনুসৰি ভাৰতে ৰাছিয়াৰ পৰা দৈনিক ১৯ লাখ ৬০ হেজাৰ বেৰেল খাৰুৱা তেল আমদানি কৰে। ইয়াৰ পাছৰ মাহত অর্থাৎ যোৱা জুনত এই আমদানিৰ পৰিমাণ দৈনিক ২০ লাখ বেৰেললৈ বৃদ্ধি পায়।

লক্ষ্যণীয়ভাৱে ট্রাম্প প্রশাসনে অনা উক্ত বিধেয়কৰ প্ৰতি মার্কিন সংসদৰ উচ্চ সদন চিনেটৰ এশ সদস্যৰ ৮৪ জনে সমর্থন আগবঢ়াইছে বুলি সাংসদ গ্রাহামে দাবী কৰিছে। অর্থাৎ বিধেয়কখন আইনত পৰিণত হোৱাৰ সম্ভাৱনা প্রবল। ৰিপাব্লিকান সাংসদজনৰ দাবী যদি সত্য হয় তেন্তে বিধেয়কখনলৈ ডেম’ক্রেট সাংসদসকলেও সমর্থন দিয়াটো প্রতিপন্ন হ’ব। ইয়াৰ জৰিয়তে আৰু এটা কথা প্রতিপন্ন হ’ব যে ৰিপাব্লিকান দলৰ স’তে থকা নীতিগত পার্থক্যও এই ক্ষেত্রত ডেম’ক্রেট দলে এৰাই চলিছে।

উল্লেখ্য যে অহা ন জুলাইত ভাৰত-মার্কিন বাণিজ্য চুক্তি স্বাক্ষৰ হোৱাৰ কথা। ট্রাম্পে দ্বিতীয়বাৰ ৰাষ্ট্ৰপতিৰূপে শপত গ্ৰহণ কৰাৰ পাছতে ভাৰতীয় সামগ্ৰীত আৰোপ কৰা বর্ধিত শুল্ক বলবৎ পৰৱৰ্তী সময়ত ৯০ দিনৰ বাবে স্থগিত ৰাখে। এই ৯০ দিনৰ ভিতৰত দুয়োখন দেশৰ মাজত বাণিজ্যিক চুক্তি স্বাক্ষৰৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। এই উদ্দেশ্যে নতুন দিল্লীৰ স’তে ট্রাম্প প্ৰশাসনৰ প্রতিনিধিয়ে আলোচনা অব্যাহত ৰাখিছে। এনে অৱস্থাতে মার্কিন সংসদত উত্থাপন হৈছে উক্ত বিধেয়ক। স্বাভাৱিকতে এই বিধেয়ক আইনত পৰিণত হ’লে ভাৰত শ’লঠেকত পৰাৰ সম্ভাৱনা প্রৱল।

ইউক্রেইনৰ বিৰুদ্ধে যুদ্ধ অব্যাহত ৰখা ৰাছিয়াক এসেকা দিয়াৰ উদ্দেশ্যে এই শুল্ক বৃদ্ধি বিধেয়ক অনা হৈছে বুলি ট্রাম্প প্রশাসনে দাবী কৰিছে। ভাৰতৰ লগতে চীনকো দুশ্চিন্তাত পেলোৱা এই বিধেয়কৰ সম্পূৰ্ণ নাম হ’ল ‘ছেনছনিং ৰাছিয়া আইন-২০২৫’ বিধেয়ক (ৰাছিয়াক প্রতিবন্ধকতা আৰোপ বিধেয়ক-২০২৫)। লক্ষ্যণীয় যে শেহতীয়া ইৰান-ইজৰাইলৰ যুদ্ধক লৈ ভাৰতে নিৰপেক্ষ স্থিতি গ্ৰহণ কৰাৰ বিপৰীতে চীন আৰু ৰাছিয়াই ইৰানৰ পক্ষত থিয় দিয়ে।

ইপিনে, শেহতীয়াভাৱে ভাৰতৰ বৈদেশিক নীতি তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা বুলি সঘনে চৰ্চিত হ’বলৈ ধৰিছে। আনকি এখন ৰাষ্ট্ৰীয় কাকতত এক প্ৰৱন্ধত দেশৰ প্ৰাক্তন নিৰাপত্তা উপদেষ্টা এম কে নাৰায়ণে উল্লেখ কৰিছে যে দেশৰ বৈদেশিক নীতিয়ে সম্প্রতি এক অস্তিত্বৰ সংকটৰ সন্মুখীন হৈছে। সাৱধানতাৰে গঢ় দিয়া দেশৰ বৈদেশিক নীতিক ট্রাম্প প্রশাসনৰ দ্বিতীয় কাৰ্যকালে হতাশ কৰিছে বুলিও নাৰায়ণে মন্তব্য কৰিছে।

Exit mobile version