SCERT Scam:আয়ৰ বিপৰীতে ২৫৫ শতাংশ অধিক সম্পত্তিৰ গৰাকী নিম্নবৰ্গৰ সহায়ক

এছচিইআৰটি কেলেংকাৰি, অভিযুক্ত ৰমেজ উদ্দিনৰ বিৰুদ্ধে অভিযোগনামা দাখিল

scart 1

SCERT Scam:

ৰাজ্যত দুর্নীতিকাৰীৰ লুণ্ঠনৰ ভয়াৱহ ৰূপ মঙলবাৰে পুনৰ আদালতত ফাদিল হ’ল। অসম ৰাজ্যিক শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এছচিইআৰটি) ত সংঘটিত ১০৫ কোটিটকীয়া কেলেংকাৰিৰ অন্যতম অভিযুক্ত ৰমেজ উদ্দিন আহমেদৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই বিশেষ আদালতত অভিযোগনামা দাখিল কৰে।

এছচিইআৰটিত নিম্নবৰ্গৰ সহায়ক হিচাপে কৰ্মৰত হৈ পৰ্বতসম সম্পদ আহৰণ কৰিছিল ধৃত আহমেদে। অভিযোগনামাত উল্লেখ কৰা হৈছে যে বৈধ আয়ৰ বিপৰীতে আহমেদৰ সামঞ্জস্যহীন সম্পদৰ হাৰ হ’ল ২৫৫.০৯ শতাংশ। ১,৪৬৮ পৃষ্ঠাৰ অভিযোগনামা খনত আহমেদৰ পত্নীৰ নামো উল্লেখ কৰা হৈছে। আহমেদৰ পত্নী মঞ্জুলা চৌধুৰীকো সাঙুৰি দাখিল কৰা অভিযোগনামাত চৰকাৰী ধনৰ ব্যাপক লুণ্ঠনৰ জৰিয়তে তেওঁলোক আয়ৰ বিপৰীতে এনে বৃহৎ পৰিমাণৰ সম্পত্তিৰ গৰাকী হ’বলৈ সক্ষম হৈছে বুলি উল্লেখ কৰা হৈছে।

উল্লেখ্য যে শেৱালি দেৱী সঞ্চালক হৈ থকাৰ সময়তে এছচিইআৰটিৰ বিভিন্ন প্ৰকল্পৰ নামত আবণ্টিত ধনৰ অবাধ লুণ্ঠন চলিছিল। শেৱালি দেৱীৰ পৰিয়ালকেন্দ্ৰিক লুণ্ঠনৰ সহযোগী আছিল আন কে’বাজনৰ লগতে ৰমেজ উদ্দিন আহমেদো। এই কেলেংকাৰিৰ গোচৰটোত শেৱালি দেৱীৰ স’তে আন ২০ জনক অভিযুক্ত কৰা হৈছে। তাৰে অন্যতম এজন হ’ল আহমেদ।

Exit mobile version