Bottle thrown: যোৱা ৩০ জুনত গোলাঘাটত মুখ্যমন্ত্ৰীৰ কনভয়লৈ নহয়, মন্ত্রী অতুল বৰাৰ কনভয়লৈহে দুর্বৃত্তই প্লাষ্টিকৰ বটল নিক্ষেপ কৰিছিল। প্ৰথম অৱস্থাত মুখ্যমন্ত্ৰীৰ কনভয়লৈ দুর্বৃত্তই পানীয়ৰ বটল নিক্ষেপ কৰিছিল বুলি প্ৰচাৰ হয় যদিও সম্প্রতি প্রকৃত তথ্য পোহৰলৈ আহিছে।
ঘটনা সংক্রান্তত ইতিমধ্যে গোলাঘাট আৰক্ষীয়ে এটা নিজাববীয়া গোচৰ ৰুজু কৰিছে। আৰক্ষীৰ এজাহাৰত স্পষ্টভাৱে উল্লেখ আছে যে উক্ত দিনা গোলাঘাটত মন্ত্রী বৰাৰ কনভয়লৈহে দুর্বৃত্তই এটা প্লাষ্টিকৰ বটল (এক লিটাৰ) নিক্ষেপ কৰে।
উল্লেখ্য যে উক্ত দিনা গোলাঘাট নগৰ ভ্ৰমণ কৰে মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্রী অতুল বৰাই। গীৰ গাই কাণ্ডৰ বিৰুদ্ধে উক্ত দিনা যুৱ কংগ্রেছে প্রতিবাদ সাব্যস্ত কৰে। মন্ত্ৰী বৰাৰ কনভয় জিলা কংগ্রেছ ভৱনৰ সম্মুখেৰে পাৰ হোৱাৰ প্ৰাকমুহূতত প্রতিবাদকাৰী যুৱ কংগ্ৰেছ কৰ্মীসকলক আৰক্ষীয়ে জিলা কংগ্ৰেছ ভৱনত আৱদ্ধ কৰে।
তেনে সময়তে মন্ত্ৰী বৰাৰ গাড়ী কংগ্ৰেছ ভৱনৰ সন্মুখেৰে পাৰ হয়। তেতিয়া দিনৰ ১-২০ বাজিছিল। তেনে সময়তে মন্ত্ৰীজনৰ কনভয়লৈ লক্ষ্য কৰি কংগ্ৰেছ ভৱনৰ পৰা দুর্বৃত্তই এটা সেউজীয়া ৰঙৰ (এক লিটাৰৰ) প্লাষ্টিকৰ বটল নিক্ষেপ কৰে। বটলটোৱে এএছ-০১ জিএফ-৬৬০০ নম্বৰৰ এখন গাড়ীত আঘাত কৰে বুলি আৰক্ষীৰ এজাহাৰত উল্লেখ আছে।
পাছত ঘটনা সংক্রান্তত গোলাঘাট আৰক্ষীয়ে ১১৬/২০২৫ নম্বৰত এটা নিজাববীয়া গোচৰ ৰুজু কৰে। উল্লেখ্য যে মুখ্যমন্ত্ৰীৰ কনভয়লৈ কংগ্রেছ কর্মীয়ে গোলাঘাটত শীতল পানীয়ৰ বটল নিক্ষেপ কৰাৰ অভিযোগ উত্থাপন কৰি কালি ৰাজ্যজুৰি বিজেপিয়ে প্রতিবাদ সাব্যস্ত কৰে।
লক্ষ্যণীয়ভাৱে আৰক্ষীয়ে মন্ত্ৰী বৰাৰ কনভয়লৈ বটল নিক্ষেপক লৈ নিজাববীয়াকৈ ৰুজু কৰা গোচৰত দেশদ্ৰোহৰ ধাৰাও সংযোজন কৰিছে। ভাৰতীয় ন্যায় সংহিতাৰ মুঠ পাঁচটা ধাৰাত ৰুজু কৰা গোচৰটোত এই আইনৰ ১৫২ ধাৰাও সংযোজন কৰা হৈছে।
দেশৰ সাৰ্বভৌমত্ব, একতা আৰু অখণ্ডতা বিপদাপন্ন কৰিলে ভাৰতীয় ন্যায় সংহিতাৰ ১৫২ ধাৰা প্রয়োগ কৰে আইন বলবৎকাৰীয়ে। গোচৰটোত সংযোজিত আনকেইটা ধাৰা হৈছে ৬১(২) (অপৰাধ ষড়যন্ত্র), ১৯১(২) (সংঘর্ষ), ১৯৬ (ধর্ম, বর্ণ, জন্মৰ স্থান, বাসস্থান, ভাষা আদিৰ ভিত্তিত সুকীয়া জনগোষ্ঠীৰ মাজত শত্রুতা সৃষ্টি আৰু শান্তি-সম্প্রীতিৰ প্ৰতি ভাবুকি সৃষ্টি) আৰু ৩৫২ (শান্তি ভংগৰ উদ্দেশ্যে ইচ্ছাকৃতভাবে আঘাত হনা)।
আৰক্ষী পৰিদৰ্শক মিন্টু সন্দিকৈয়ে দাখিল কৰা এই এজাহাৰত কোৱা হয়, ‘প্রতিবাদ চলি থকাৰ সময়ত দিনৰ প্রায় ১-২০ বজাত পথৰ লগা-লগিকৈ থকা কংগ্ৰেছ ভৱনৰ পৰা কিছুসংখ্যক দুর্বৃত্তই এটা সেউজীয়া ৰঙৰ প্লাষ্টিকৰ বটল (এক লিটাৰ) মন্ত্ৰী অতুল বৰাৰ কনভয়লৈ নিক্ষেপ কৰে।
এই কাৰ্যৰ জৰিয়তে মন্ত্ৰীজনৰ নিৰাপত্তালৈ ভাবুকিৰ সৃষ্টি কৰে। এজন মন্ত্রী বা ভিভিআইৰ প্ৰতি কোনো গুৰুতৰ ভাবুকি অতিশয় গুৰুতৰ বিষয় আৰু ই দেশৰ সাৰ্বভৌমত্ব, একতা আৰু অখণ্ডতা বিপদাপন্ন কৰিব পাৰে।’ এনে কাৰ্যই নিৰ্বাচিত চৰকাৰৰ কর্তৃত্ব আৰু বৈধতাক অৱনমিত কৰিব পাৰে বুলিও এজাহাৰখনত অভিযোগ উত্থাপন কৰা হৈছে।
ছজন যুৱ কংগ্ৰেছীক গ্ৰেপ্তাৰ
গোলাঘাটৰ বটল নিক্ষেপ কাণ্ডৰ গোচৰ সংক্ৰান্তত আৰক্ষীয়ে বাতৰি লিখা পৰলৈ ছজন যুৱ কংগ্ৰেছীক গ্ৰেপ্তাৰ কৰিছে। কালি ঘটনা সন্দৰ্ভত আৰক্ষীয়ে সৰুপথাৰৰ কড়ি গাঁৱৰ ৰাহুল ফুকন নামৰ এজন যুৱ কংগ্ৰেছীক গ্ৰেপ্তাৰ কৰাৰ পাছত কালি বোকাখাতৰ দীপাংকৰ ডেকা, ঋষিৰাজ বাৰুকিয়াল, প্রাণহৰি ফুকন, অৰিন্দম বড়ি আৰু পংকজ গগৈ নামৰ যুৱ কংগ্রেছ কর্মীকেইজনক গ্ৰেপ্তাৰ কৰে।
ইয়াৰে দীপাংকৰক আৰক্ষীয়ে ঘটনাৰ মূল অভিযুক্তৰূপে চিহ্নিত কৰিছে। তেওঁৰ ঘৰ বোকাখাতৰ কাজিৰঙা গেলেকী গাঁৱত। আজি আৰক্ষীয়ে ধৃত এই পাঁচ যুৱ কংগ্ৰেছীক আদালতত হাজিৰ কৰায়।
ইপিনে, কালি এখন সংবাদমেলত গোলাঘাটৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে কয় যে ৩০ জুনৰ ঘটনাটোক আৰক্ষীয়ে গুৰুত্বসহকাৰে লৈছে। এই ঘটনাৰ অন্তৰালত গভীৰ ষড়যন্ত্র নিহিত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। এই ঘটনাৰ স’তে অলপতে বোকাখাতৰ পাণবাৰীস্থিত চিআৰপি শিবিৰলৈ গ্ৰেণেড নিক্ষেপৰ ঘটনাৰ দৰে ষড়যন্ত্র জড়িত থাকিব পাৰে বুলি আৰক্ষী অধীক্ষক সিঙে সন্দেহ প্রকাশ কৰে।
তেওঁ কয় যে বটল নিক্ষেপৰ ঘটনাৰ স’তে কংগ্ৰেছৰ বাহিৰে-ভিতৰে কোন কোন ব্যক্তি, সংগঠন জড়িত থাকিব পাৰে সেই সম্পৰ্কত তদন্ত কৰা হ’ব। ঘটনাৰ বিভিন্ন দিশ পৰীক্ষা কৰি এক নতুন গোচৰ ৰুজুৰ সিদ্ধান্ত আৰক্ষীয়ে লোৱা বুলি তেওঁ জনায়। এই ঘটনাৰ স’তে নিষিদ্ধ সংগঠনৰ সদস্য জড়িত থকাৰ সন্দেহ নুই কৰিব নোৱাৰি বুলি সিঙে সংবাদমেলত কয়।
ইপিনে, বুধবাৰে কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ নেতৃত্বত কংগ্ৰেছৰ এটা দলে গোলাঘাটৰ কংগ্ৰেছ কৰ্মীসকলক সাক্ষাৎ কৰাৰ লগতে নির্দোষী যুৱ কংগ্ৰেছৰ সদস্যসকলক হাৰাশাস্তি নকৰিবলৈ দাবী জনাই গোলাঘাট আৰক্ষী থানাত উপস্থিত হয়। কংগ্ৰেছৰ এই দলটোত দলৰ ৰাজ্যিক কাৰ্যকৰী সভানেত্রী ৰোজলিনা তির্কী, বিধায়ক ভাস্কৰ বৰুৱা, বিধায়িকা শিৱামণি বৰা আদিও থাকে।
ঘটনা সন্দর্ভত বিধায়ক শিকদাৰে সাংবাদিকৰ আগত কয় যে তেওঁলোকে গোলাঘাটৰ জিলা আয়ুক্তকো সাক্ষাৎ কৰাৰ চেষ্টা কৰে যদিও বিফল হয়। যোৱা ৩০ জুনৰ বটল নিক্ষেপৰ ঘটনাত কংগ্ৰেছৰ কোনো সদস্য জড়িত নহয় বুলিও বিধায়কজনে দাবী উত্থাপন কৰে। তেওঁ অভিযোগ উত্থাপন কৰে যে এই ঘটনাৰ লগত জড়িত দুষ্কৃতিকাৰীক বিচৰাৰ নামত জধে-মধে কংগ্ৰেছ কৰ্মীক হাৰাশাস্তি কৰা হৈছে।
গীৰ গাই প্রসংগ তল পেলাই মন্ত্রী জয়ন্ত মল্ল বৰুৱাক ৰক্ষণাবেক্ষণ দিবলৈ কৰা অংকৰ বাবে দুষ্কৃতিকাৰীয়ে কৰা কাণ্ডৰ দোষ যুৱ কংগ্ৰেছৰ ওপৰত চৰকাৰে জাপি দিবলৈ চেষ্টা কৰা বুলিও বিধায়কজনে অভিযোগ উত্থাপন কৰে।






























