British F-35:অৱশেষত স্থানান্তৰ কৰা হৈছে কাৰিকৰী বিজুতিৰ বাবে দুসপ্তাহতকৈ অধিক সময় ধৰি কেৰালাৰ তিৰুৱনন্তপুৰম বিমানবন্দৰৰ ৰাণৱেত আবদ্ধ হৈ থকা ব্ৰিটিছ এফ-৩৫বি যুদ্ধ বিমানখন।
সূত্ৰ অনুসৰি ভাৰতত বিমানখন মেৰামতিৰ কোনো উপায় নাই।গতিকে অতি সোনকালেই বিমানখন পুনৰ ব্ৰিটেইনলৈ এয়াৰলিফ্ট কৰি লৈ যোৱা হ’ব। সূত্ৰই জনোৱা মতে, সুবিধাৰ বাবে বিমানখন বিভিন্ন অংশত ভাঙি পেলোৱা হ’ব পাৰে।
শেহতীয়াকৈ ভাৰত মহাসাগৰ অঞ্চলত এক যৌথ অনুশীলনত অংশ লৈছিল এইচ এম এছ প্ৰিন্স অৱ ৱেলছ। ইয়াৰ অংশ হিচাপে আকাশত উৰিছিল এফ-৩৫বি।বিগত ১৪ জুনত ভাৰত মহাসাগৰৰ ওপৰেৰে উৰণৰ সময়ত যুদ্ধ বিমানখনৰ হঠাৎ ইন্ধন শেষ হৈ যায়।
ইয়াৰ পাছতে বিমানখনে কেৰালাৰ তিৰুৱনন্তপুৰম আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত জৰুৰীকালীন অৱতৰণ কৰে। কিন্তু তাৰ পাছত কথাবোৰ জটিল হ’বলৈ ধৰিলে।
প্ৰাপ্ত তথ্য অনুসৰি,বিমানখনৰ হাইড্ৰলিকত কিছু সমস্যা হৈছে। তাৰ পাছতে ১৪ দিনতকৈ অধিক সময় ৰাণৱেত থিয় হৈ থাকিল বিমানখন।
এনে পৰিস্থিতিত ব্ৰিটেইনেও যুদ্ধ বিমানখন মেৰামতি কৰিবলৈ ৪০ জনীয়া এটা দল প্ৰেৰণ কৰে। কিন্তু পৰীক্ষাৰ অন্তত অৱশেষত ঘোষণা কৰা হ’ল যে ভাৰতত মেৰামতি কৰাটো সম্ভৱ নহয়।
কাৰণ বিমানখনৰ হাইড্ৰলিকছৰ কেবাটাও জটিল সমস্যা আছিল।উল্লেখ্য যে,ক’বলৈ গ’লে যিকোনো যুঁজাৰু বিমানত এই হাইড্ৰলিক ব্যৱস্থাটো অতি গুৰুত্বপূৰ্ণ। ইয়াৰ জৰিয়তে পাইলটে জেটৰ লেণ্ডিং গিয়াৰ, ব্ৰেক আৰু উৰণ নিয়ন্ত্ৰণ কৰে।






























