Brutal murder in Rangia: লোমহৰ্ষক হত্যাকাণ্ড ! দুই কণমানি পুত্ৰৰ সন্মুখত পত্নীক হানি-খুচি হত্যা স্বামীৰ

murder nn

Brutal murder in Rangia:

এক লোমহৰ্ষক হত্যাকাণ্ড ৷ দুই কণমানি পুত্ৰৰ সন্মুখত পত্নীক হানি-খুচি হত্যা কৰিলে স্বামীয়ে ৷ ঘটনা সংঘটিত কৰিয়েই পলায়ন ঘাতক স্বামীৰ ৷ এই নৃশংস হত্যাকাণ্ড সংঘটিত হয় ৰঙিয়াৰ মূৰাৰাত ৷

মূৰৰাৰ এটা অট্টালিকাত ভাড়াতীয়া হিচাপে থকা ৰঙিয়াৰ কেন্দুকোনা ষ্টেচনত ষ্টেচন মাষ্টাৰ ৰূপে কৰ্মৰত ৰাহুল কুমাৰ সিঙ আৰু তেওঁৰ পত্নীৰ স’তে বুধবাৰে মাজনিশা দুয়োৰে মাজত লাগে দুৰ্বাদল কাজিয়া ৷ কাজিয়াৰ মাজতে ৰাহুল কুমাৰ সিঙে নিজৰ পাঁচবছৰীয়া আৰু দুবছৰীয়া পুত্ৰৰ সন্মুখতে পত্নীক হানি খুচি নৃশংসভাৱে হত্যা কৰে।

মাতৃ তেজেৰে তুমৰলি হৈ মজিয়াত পৰি থকা দৃশ্য দেখি দুই কণমানিয়ে কন্দাকটা কৰাত ভাড়াঘৰৰ গৰাকী উপস্থিত হয় বাসগৃহটোত ৷ আনহাতে হত্যাকাণ্ড সংঘটিত কৰিয়ে এটা পুত্ৰ সন্তান লৈ পলায়নৰ চেষ্টা কৰে ৰাহুল কুমাৰ সিঙে ৷ কিন্ত বাসগৃহৰ চৌহদৰ মুল প্ৰৱেশদ্বাৰ বন্ধ দেখি সন্তানটিক তাতে এৰি গেইটৰ ওপৰেৰে পলায়ন কৰে ঘাতক ৰাহুল ৷

ইপিনে ভাড়া ঘৰৰ মালিকে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়াৰ পিছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰি মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইছলৈ প্ৰেৰণ কৰে ৷ একেদৰে ঘাতৰ ৰাহুল সিঙৰ সন্ধানত ৰঙিয়া আৰক্ষীয়ে পুৱতি নিশাৰে পৰা আৰম্ভ কৰিছে অভিযান ৷

কিহৰ বাবে নিজ পত্নীক অতি নৃশংসভাৱে ৰাহুল সিঙে হত্যা কৰিলে এই বিষয়ে জানিব পৰা হোৱা নাই যদিও আৰক্ষীৰ তদন্ততহে উন্মোচিত কৰিব ঘটনাৰ ক্লু ৷

Exit mobile version