Nipah:কেৰালাত পুনৰ ধৰা পৰিছে নিপা ভাইৰাছৰ সংক্ৰমণ। মালাপ্পুৰম আৰু পলাক্কাড জিলাত এজনকৈ লোক আক্ৰান্ত হৈছে। ইয়াৰ পাছতে তিনিখন জিলাত জাৰি কৰা হৈছে সতৰ্কতা। এই তিনিখন জিলা হ’ল- কোঝিকোদ, মালাপ্পুৰম আৰু পলাক্কাড।
বৃহস্পতিবাৰে স্বাস্থ্যমন্ত্ৰী বীনা জৰ্জে এই কথা ঘোষণা কৰে ।তথ্য অনুসৰি , মালাপ্পুৰম আৰু কোঝিকোড মেডিকেল কলেজ হাস্পতালত নমুনা পৰীক্ষা কৰাৰ পাছতে প্ৰথমে দুয়োজন লোক নিপাহত আক্ৰান্ত হোৱা বুলি নিশ্চিত হৈছিল। অৱশ্যে এয়া প্ৰাৰম্ভিক।
এই নমুনাসমূহ পুনেৰ নেশ্যনেল ইনষ্টিটিউট অৱ ভাইৰ’লজীলৈ প্ৰেৰণ কৰা হৈছে। ফলাফল প্ৰকাশ হলেও জানিব প্ৰায় যাব।
অৱশ্যে তাৰ বাবে অপেক্ষা কৰিবলৈ ইচ্ছুক নহয় কৰ্তৃপক্ষ।পুনৰ সংক্ৰমণৰ আশংকা অহাৰ লগে লগে দ্ৰুত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হ’ল।
সৰ্বমুঠ প্ৰতিখন জিলাতে ২৬খন সমিতি গঠন কৰা হৈছে। আৰক্ষীয়ে নিষেধাজ্ঞা বলবৎ কৰাকে ধৰি দলসমূহক সম্ভৱপৰ সকলো সহায় আগবঢ়াব।
তেওঁলোকৰ কামৰ ভিতৰত থাকিব জনসংযোগ, সংক্ৰমণৰ পৰা হাত সাৰিবলৈ পৰিকল্পনা কৰা ইত্যাদি।






























