সহপাঠীৰ প্ৰহাৰত প্ৰাণ গ’ল দ্বাদশ শ্ৰেণীৰ ছাত্ৰ! তামিলনাডুত গ্ৰেপ্তাৰ দুজন

images 11

TamilNadu:সহপাঠীৰ প্ৰহাৰত প্ৰাণ গ’ল দ্বাদশ শ্ৰেণীৰ এজন ছাত্ৰ। মৃত ছাত্ৰজনৰ নাম আদিত্য (১৭)। বুধবাৰে তামিলনাডুৰ ইৰোড জিলাত সংঘটিত হয় এই কৰুণ ঘটনা।

এই ঘটনাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুজন নাবালকক।বৃহস্পতিবাৰে তেওঁলোকক জুভেনাইল হোমলৈ প্ৰেৰণ কৰা হয়।

সূত্ৰ অনুসৰি মৃত ছাত্ৰজন তামিলনাডুৰ ইৰোডৰ এখন চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ আছিল। বুধবাৰে পুৱা আদিত্যৰ পিতৃ শিৱ (৪৮) নামৰ এজন ব্যক্তিয়ে নিজৰ পুত্ৰক স্কুলৰ গেটৰ সন্মুখত নমাই দিয়ে।

কিন্তু আদিত্য সেইদিনা ক্লাছলৈ যোৱা নাছিল। দুই বন্ধুৰ লগত ক্লাছৰ পৰা পলাই বাহিৰলৈ ওলাই গ’ল। পাছত সন্ধিয়া আদিত্যক বিদ্যালয়ৰ সন্মুখৰ পথত অচেতন অৱস্থাত পৰি থকা অৱস্থাত উদ্ধাৰ হয়।

স্থানীয় লোকে উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে ইতিমধ্যেই তেওঁক মৃত ঘোষণা কৰে।ইয়াৰ পাছতে আৰক্ষীক খবৰ দিয়া হয়।

এই ঘটনা সন্দৰ্ভত শিৱ থানাত এজাহাৰ দাখিল কৰে আদিত্যৰ পিতৃয়ে। তেওঁৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

আদিত্যৰ পিতৃয়ে অভিযোগ কৰে যে তেওঁৰ পুত্ৰৰ বিদ্যালয়খনৰ দুগৰাকী ছাত্ৰ-ছাত্ৰীৰ স’তে বিবাদ হৈছিল। আদিত্যক তেওঁলোকেই হত্যা কৰিছে বুলি আৰক্ষীয়ে সন্দেহ কৰে।

ইতিমধ্যে আদিত্যৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। এই প্ৰতিবেদনৰ ভিত্তিত অধিক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

আৰক্ষীয়ে লগতে জনাইছে যে আদিত্যৰ বাওঁ চকুৰ তলত আঘাতৰ চিন আছে। অৱশ্যে কোনো গুৰুতৰভাৱে আহত হোৱাৰ খবৰ পোৱা নাই।

আৰক্ষীৰ সূত্ৰৰ মতে, ঘটনাৰ প্ৰায় এসপ্তাহ পূৰ্বে আদিত্যই পিতৃক জনাইছিল যে আন এটা বিভাগৰ একাংশ ছাত্ৰই তেওঁক তেওঁৰ শ্ৰেণীৰ ছোৱালীৰ লগত কথা পাতিবলৈ নিষেধাজ্ঞা আৰোপ কৰিছিল।

এইক লৈ তেওঁলোকৰ মাজত বিবাদো হৈছিল। ঘটনাৰ সময়ত আদিত্য আৰু অভিযুক্তসকল মদ্যপান কৰি আছিল বুলিও আৰক্ষীয়ে জানিবলৈ দিয়ে।

আনহাতে, ঘটনাৰ সঠিক তদন্তৰ দাবীত আদিত্যৰ পৰিয়াল আৰু আত্মীয়ই ইৰোড উত্তৰ থানাৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে।

Exit mobile version