Heat Wave:উত্তৰ গোলাৰ্ধত বছৰৰ আটাইতকৈ উষ্ণ মাহ জুলাই মাহ। ইউৰোপত গ্ৰীষ্মকাল মাত্ৰ আৰম্ভ হৈছে। কিন্তু ইতিমধ্যে মহাদেশখনৰ বেছিভাগ ঠাইতে পৰিস্থিতি ভয়াৱহ হৈ পৰিছে ।
ইতিমধ্যে ইউৰোপত গৰমৰ ফলত আঠ জন লোকৰ মৃত্যু হৈছে।বিগত এসপ্তাহ ধৰি এনে পৰিস্থিতিৰ সৃষ্টি হৈছে যে কৰ্তৃপক্ষই কোনো কোনো ঠাইত পাৰমাণৱিক শক্তি কেন্দ্ৰ বন্ধ কৰিবলৈ বাধ্য হৈছে।
বৃহস্পতিবাৰে স্পেইনৰ পৰিস্থিতি কিছু উন্নত হয়। কিন্তু পূব আৰু মধ্য ইউৰোপৰ ছবিখনৰ বিশেষ পৰিৱৰ্তন হোৱা নাই।
চৰম উষ্ণতা আৰু শুকান বতৰৰ বাবে গ্ৰীচৰ কেবাঠাইতো অগ্নিকাণ্ড সংঘটিত হৈছে। কেটালনিয়া, স্পেইন, তুৰস্কতো অগ্নিকাণ্ড সংঘটিত হৈছে।
ইতিমধ্যে চেভিলত পাৰাৰ উষ্ণতা ৪২ ডিগ্ৰী চেলছিয়াছত উপনীত হৈছে, আনকি দিল্লীকো চেৰ পেলাইছে।
যোৱা শনিবাৰে এল গ্ৰানাডোৰ তাপমাত্ৰা ৪৬ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত হৈছিল, যিটো জুন মাহত দেশৰ ভিতৰতে এতিয়ালৈকে আটাইতকৈ গৰম দিন।
ফ্ৰান্সতো উষ্ণতাই ৪০ ডিগ্ৰীৰ সীমা অতিক্ৰম কৰিছে। গৰমৰ অসুস্থতাৰ বাবে শ শ লোকক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।
তাপপ্ৰবাহৰ অবাহত পৰ্যটকক ইআইফেল টাৱাৰত উঠিব দিয়া হোৱা নাই।পিছ পৰি থকা নাই জাৰ্মানী আৰু ইটালী । ইটালীৰ নেপলছ আৰু পালেৰ্মোৰ তাপমাত্ৰা প্ৰায় ৪০ ডিগ্ৰী পৰ্যন্ত হৈছে। বৃহস্পতিবাৰৰ পৰা ইটালীৰ ৰোম আৰু মিলানকে ধৰি ১৮খন চহৰত ৰেড এলাৰ্ট জাৰি কৰা হৈছে।
অষ্ট্ৰিয়া, বছনিয়া আৰু হাৰ্জেগোভিনা, ছাৰ্বিয়া, স্লোভেনিয়া আদি দেশতো তীব্ৰ প্ৰবাহৰ ৰেড সতৰ্কবাণী জাৰি কৰা হৈছে। সংবাদ সংস্থা অনুসৰি বুধবাৰলৈকে ইউৰোপত গৰমৰ বাবে আঠজন লোকৰ মৃত্যু হৈছে।
স্পেইনত চাৰিজন, ফ্ৰান্সত দুজন আৰু ইটালীত দুজন লোকৰ মৃত্যু হৈছে। কেৱল সেয়াই নহয়, দক্ষিণ ফ্ৰান্সৰ গলফিয়াক পাৰমাণৱিক শক্তি কেন্দ্ৰৰ দুটা ৰিয়েক্টৰৰ এটা ৰিয়েক্টৰ বন্ধ হৈ পৰিছে, কাৰণ তীব্ৰ প্ৰবাহৰ ফলত গাৰোন নদীৰ পানী বৃদ্ধি পাইছে।






























