Bokajan:
অসম-নাগালেণ্ড সীমান্তৰ পুৰণা লাহৰিজানৰ ৩৯নং ৰাষ্ট্ৰীয় ঘাই পথৰ নাকা তালাচীত বৃহৎ পৰিমাণৰ কানি জব্দ। ডিমাপুৰ গুৱাহাটী অভিমুখী ডি এল ৩ চিচি এম ২৮২০ ইছজো বাহনৰ ভিতৰত গোপন চেম্বাৰত লুকুৱাই আনিছিল ৪৫ টা পেকেটত উক্ত কানি খিনি।
ঘটনা সংক্ৰান্তত আৰক্ষীয়ে ৰাজস্থানৰ মদন লাল বিছনৈ আৰু অভিষেক বিছনৈক আটক কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে। প্ৰায় ৪৪(44)কেজি কানি খিনিৰ বজাৰ মূল্য ১ কোটিৰো অধিক হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
