Father drowned to his neck to save his child:
ডিঙি পর্যন্ত পানীত ডুবি আছে। যিফালে চকু যায় কেৱল পানী আৰু পানী। ঘৰ-বাৰী,দোকান-পোহাৰ সকলো পানীৰ তলত। তেনে অৱস্থাতে সন্তানক মূৰত তুলি নিৰাপদ স্থানলৈ নিয়াৰ বাবে জীৱনৰ বাজি ধৰিলে এজন যুৱকে। ডিঙি পর্যন্ত পানীৰ মাজত এটা ধাতৰ পাত্ৰ মূৰত লৈ যুৱকজনক খোজকাঢ়ি গৈ থকা দেখা গৈছে। সেই পাত্ৰৰ ভিতৰতে শায়িত অৱস্থাত এটি শিশু।
ঠিক পিতৃ বসুদেৱে কংসৰ পৰা ৰক্ষা কৰিবলৈ নৱজাত শ্রীকৃষ্ণক বৰ্ষণমুখৰ নিশা মূৰত তুলি যমুনা নদীৰ পাৰ হোৱাৰ দৰে দৃশ্য। এনে এক হৃদয়স্পর্শী ভিডিঅ’ সম্প্রতি সামাজিক মাধ্যমত বিয়পি পৰিছে।
উক্ত ভিডিঅ’ত দেখা গৈছে, সেই যুৱকজনে মূৰত এটা ডাঙৰ গামলাৰ ভিতৰত কণমানি সন্তানক শোৱাই থৈছে। খোজকাঢ়ি খোজকাঢ়ি তেওঁ এটা জলমগ্ন পথ পাৰ হৈ গৈছে। পানীৰ স্তৰ তেওঁৰ কান্ধ পর্যন্ত পাইছেগৈ। তথাপি হাত দুখন ওপৰলৈ দাঙি সন্তানক পানীৰ পৰা ৰক্ষা কৰিবলৈ তেওঁ বদ্ধপৰিকৰ। ভিডিঅ’টো ক’ত বা কেতিয়া ঘটিছে, সেই বিষয়ত কোনো তথ্য পোহৰলৈ অহা নাই।
ইনস্টাগ্রামত বিয়পি পৰা সেই ভিডিঅ’ত দেখা গৈছে ৰাস্তা-ঘাট সম্পূর্ণৰূপে ডুবি গৈছে। পানীৰ স্তৰ কান্ধ পর্যন্ত পাইছেগৈ। ঘৰৰ পৰা দোকান, সকলোবোৰ পানীৰ তল পৰিছে। সেই অৱস্থাতেই যুৱকজনে পানীৰ মাজেৰে খোজকাঢ়ি যোৱা দেখা গৈছে। কান্ধ পাৰ হৈ পানী তেওঁৰ ডিঙিৰ ওচৰ পাইছে। মূৰত ডাঙৰ গামলাৰ দৰে পাত্ৰটোত শিশুটি শুই আছে। যুৱকজনক সাহায্য কৰাৰ বাবে আৰু এজন তেওঁৰ পাছতে আছিল।
ৰাস্তাত থকা লোৰ তাঁৰত ধৰি তেওঁলোক দুজনে ভাৰসাম্য বজাই ৰাখি ৰাস্তাৰে আগবাঢ়ি গৈছিল। ‘কেশৱ মিনা’ নামৰ ইনস্টাগ্রাম একাউণ্টৰ পৰা প’ষ্ট কৰা সেই ভিডিঅ’টো কে’বা লক্ষ বাৰ চোৱা হৈছে। সন্তানৰ নিৰাপত্তাৰ বাবে পিতৃৰ হাৰ নমনা উক্ত ভিডিঅ’ই হৃদয় স্পৰ্শ কৰিছে সামাজিক মাধ্যম ব্যৱহাৰকাৰীৰ। সন্তান আৰু যুৱকৰ বাবে উদ্বেগো প্রকাশ কৰিছে বহুতে।






























