Suicide Incident :
বঙাইগাঁৱৰ বৰখাতত চাঞ্চল্যকৰ ঘটনা । টুনিয়া নৈৰ কাষত উদ্ধাৰ হয় পুৰুষ-মহিলাৰ মৃতদেহ ৷ দুয়োকে চিপ লৈ থকা অৱস্থাত দুয়োৰে মৃতদেহ প্ৰত্যক্ষ কৰি স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে ৷ ঘটনাস্থলীত আৰক্ষী সহ দণ্ডাধীশ উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
ADVERTISEMENT
উল্লেখ্য যে আঠমাহ পূৰ্বে আত্মহনন কৰা মহিলা গৰাকীয়ে স্বামী গৃহ এৰিছিল ৷ পৰকীয়া প্ৰেমৰ পৰিণতিতে আত্মহননৰ দৰে চূড়ান্ত পথ বাছি লোৱাৰ সন্দেহ স্থানীয় লোকৰ ৷






























