Basistha:
মহানগৰীৰ বশিষ্ঠস্থিত দিছপুৰ নার্চিং ইনষ্টিটিউটত যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনা ৷ ইনষ্টিটিউট খনৰ হোষ্টেল নং ১৯ত যুৱতী গৰাকীয়ে সংঘটিত কৰে আত্মহনন । নার্চিং প্ৰতিষ্ঠান খনৰ বিএছচি নাৰ্চিঙৰ প্ৰথম বৰ্ষৰ শিক্ষাৰ্থী মেৰিনা আহমেদৰ ঘৰ নগৰবেৰা ৷ ঘটনাস্থলীত কাৰ্যবাহী দণ্ডাধীশ সহ বশিষ্ঠ আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইছলৈ প্ৰেৰণ কৰে। কি কাৰণত যুৱতী গৰাকীয়ে শেষ সিদ্ধান্ত ল’লে এই সন্দৰ্ভত আৰক্ষীয়ে প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে ৷
ADVERTISEMENT



































