Youth Missing In Assam State Zoo:
অসম ৰাজ্যিক চিৰিয়াখানাত সন্ধানহীন এজন পর্যটকক লৈ বৃহস্পতিবাৰে সন্ধিয়াৰে পৰা বিৰাজ কৰে চাঞ্চল্যকৰ পৰিৱেশ। চিৰিয়াখানাৰ জিৰাফ পইণ্টৰ সমীপত আৰক্ষীয়ে উদ্ধাৰ কৰিছিল যুৱকজনৰ বেগ। নিশাৰে পৰা বনবিভাগ আৰু আৰক্ষীৰ অব্যাহত থকা অভিযানৰ মাজতে আৰক্ষীৰ হাতত পৰিছে চিচিটিভি ফুটেজ ৷ চিৰিয়াখানাত প্ৰৱেশৰ দৃশ্য আবদ্ধ হয় চিৰিয়াখানাৰ চিচিটিভি কেমেৰাত ৷
ইতিমধ্যে নিৰুদ্দিষ্ট হোৱা যুৱকজনৰ পৰিচয় উদ্ধাৰ হয় আজি ৷ মেঘালয় ৰেংৰো ছাইডৰ হাতীদঙাত ঘৰ নিৰুদ্দিষ্ট যুৱকজনৰ ৷ নাম বুইল্ড মৰ ব্ৰথমিত৷ বয়স ২২ বছৰ ৷
উল্লেখ্য যে বৃহস্পতিবাৰে নিশা চিৰিয়াখানাৰ এটা টিলাৰ ওপৰত এযোৰ জোতা আৰু এখন বেগ উদ্ধাৰ হয়। স্মতৰ্ৱ্য যে সন্ধিয়া নির্ধাৰিত সময়ত চিৰিয়াখানাৰ মূল প্ৰৱেশদ্বাৰাশান বন্ধ কৰাৰ সময়ত নিৰাপত্তাৰক্ষীয়ে এজন দর্শনার্থী ওলাই নোযোৱাটো চিচি টিভিৰ ফুটেজৰ জৰিয়তে ধৰা পেলায়। তাৰ পাছত চিচি টিভিৰ ৰেকর্ডিং পৰীক্ষা কৰাত বেগসহ সন্ধিয়া প্রৱেশ কৰা দৰ্শনার্থী এজন ওলাই নহাটো নিশ্চিত কৰে।
তাৰ পাছতে চিৰিয়াখানাৰ বনকর্মী আৰু নিৰাপত্তাৰক্ষীৰ দলে প্রাথমিক অনুসন্ধান চলাই যদিও লোকজনৰ কোনো সন্ধান নাপালে। বহু পলমকৈ আন্ধাৰ হোৱাৰ মাজতহে এযোৰ জোতা আৰু এখন বেগ এটা টিলাৰ ওপৰৰ জিৰাফ পইণ্টৰ সমীপৰ পৰা উদ্ধাৰ কৰে। আনহাতে নিশাই চিৰিয়াখানা কর্তৃপক্ষই আৰক্ষীকো বিষয়টো অৱগত কৰে।
খবৰ লাভ কৰি গুৱাহাটী আৰক্ষী ডিচিপি অমিতাভ বসুমতাৰী উপস্থিত হয় চিৰিয়াখানাত ৷ আনহাতে সাংবাদিকৰে হোৱা বাৰ্তালাপত কয়, গধূলি খবৰ পাইছিলো আমি, সেই সুত্রে অভিযান চলিছিল | বেগৰ ভিতৰত কিতাপ পত্ৰ আৰু পাচবুক পাইছিলোঁ ৷ গোটেই ৰাতি আৰু আজিও বিচাৰিও যুৱকজনক পোৱা নাই এতিয়ালৈকে আনহাতে যুৱকজনৰ সন্ধান লাভ কৰাৰ পিছত মেঘালয় ৰেংৰো ছাইডৰ হাতীদঙাৰ ২২বছৰীয়া বুইল্ড মৰ ব্ৰথমিত বুলি নিশ্চিত কৰা হয় ৷
ইতিমধ্যে যুৱকজনৰ পৰিয়ালৰ লগতো কথা পাতিছো, কালিৰ পৰা মোবাইল অফ হৈ আছে বুলি জানিব দিছে ৷ আৰক্ষী আৰু বন বিভাগৰ যৌথ অভিযান অব্যাহত থাকিব চিৰিয়াখানাৰ জাপৰিগোগ পাহাৰত।






























