অসম সীমান্তৰে বহিঃৰাজ্যৰ দুই সহস্ৰাধিক অনুপ্রকাশকাৰীক বিতাড়ন 

images 8 2

Assam border:✒️অসম সীমান্তৰে ব্যাপক হাৰত অব্যাহত আছে বাংলাদেশী অনুপ্ৰৱেশকাৰী বিতাড়ন প্রক্রিয়া। গুজৰাট, দিল্লী, হাৰিয়ানা, মহাৰাষ্ট্ৰ, ৰাজস্থান, উত্তৰ প্ৰদেশ আৰু গোৱাত আটক কৰা বাংলাদেশী অবৈধ নাগৰিকক বিতাড়নৰ সুৰক্ষিত সীমান্ত বুলি চিনাক্ত কৰি দলে দলে সেইসকলক অসমলৈ প্ৰেৰণ কৰা হৈছে।

অসমৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত ভিৰ বৃদ্ধি হোৱাৰ বাবে কিছু সংখ্যকক ত্ৰিপুৰা আৰু মেঘালয় সীমান্তলৈয়ো প্ৰেৰণ কৰা হৈছে। এই বিতাড়ন প্রক্রিয়াত পশ্চিমবংগক সম্পূৰ্ণৰূপে আওকাণ কৰা হৈছে।

সেয়েহে অসমেই হৈ পৰিছে বিতাড়নৰ মূল অভিকেন্দ্ৰ আৰু এই বিতাড়নক লৈয়ে অসমত জটিলতা সৃষ্টিৰ সমান্তৰালকৈ বাংলাদেশৰ পৰাও নতুনকৈ আপত্তি তীব্ৰতৰ হৈছে। উল্লেখ্য যে অপাৰেছন সিন্দূৰৰ পাছতে ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰি দেশৰ বিভিন্ন ৰাজ্যত সিঁচৰতি হৈ পৰা বাংলাদেশীক চিনাক্ত কৰি বিতাড়নৰ তৎপৰতা আৰম্ভ কৰে কেন্দ্ৰীয় চৰকাৰে।

অৱশ্যে এতিয়ালৈকে উল্লিখিত ৰাজ্যকেইখনতহে এই অভিযান চলোৱা হৈছে। অচিৰে আন আন ৰাজ্যতো এই অভিযান আৰম্ভহ’ব। অৱশ্যে চৰকাৰে কৰা দাবী অনুসৰি, ভাৰতত গ্ৰহণ কৰা ব্যৱস্থাত ভীতিগ্রস্ত হৈ বহু অনুপ্ৰৱেশকাৰীয়ে স্বেচ্ছাই নিজ দেশলৈ উভতি গৈছে।

অসম চৰকাৰৰ তথ্য অনুসৰি, এতিয়ালৈকে চৰকাৰীভাৱে দুহেজাৰৰ অধিক অনুপ্ৰৱেশকাৰীক সীমান্তলৈ আনি ‘পুছ বেক’ নীতিৰে বিতাড়ন কৰা হৈছে। ইয়াৰে অধিকাংশ লোকক বিতাড়ন কৰা হৈছে অসম সীমান্তৰে। ইয়াৰ কাৰণ উল্লেখ কৰি ৰাজ্যৰ গৃহ বিভাগৰ সূত্ৰই কয় যে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুসৰিয়ে অসম-বাংলাদেশ সীমান্তৰে বিতাড়ন চলিছে।

সূত্ৰৰ মতে, অনুপ্ৰৱেশকাৰীৰ বাবে ভাৰতত প্ৰৱেশৰ সুচল পথ যিদৰে অসম সীমান্তৰ লগত সংলগ্ন হৈ আছে, একেদৰে চৰকাৰীভাৱে বিতাড়নৰো সুচল পথ অসমৰেই আছে। চৰকাৰৰ এই সিদ্ধান্তক লৈয়ে বাংলাদেশৰ সীমান্ত সুৰক্ষা বাহিনী (বিজিবি)ৰ পৰা অসমেই প্রত্যাহ্বানৰ সন্মুখীন হৈছে।

এনে সময়তে দেশৰ আন ৰাজ্যবোৰতো চিনাক্তকৰণ প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ কৰিবলৈ কেন্দ্ৰই গ্ৰহণ কৰা সিদ্ধান্তই নতুনকৈ অসমক অধিক প্রত্যাহ্বানৰ মুখলৈ ঠেলি দিয়াৰ আশংকা কৰা হৈছে। অসম চৰকাৰৰ পৰাই ব্যক্ত কৰা হৈছে এনে আশংকা।

অসমে নিজাববীয়াকৈয়ো পুছ বেক নীতিৰে বিতাড়ন প্রক্রিয়া চলাই আছে। ইয়াকে লৈ বিজিবিয়ে সময়ে সময়ে অসন্তুষ্টি প্রকাশ কৰি আহিছে। সেইবাবে সীমান্তত অনুপ্ৰৱেশকাৰী ধৰা পৰাৰ কিছু সময়ৰ পাছতে বিতাড়নৰো চেষ্টা অসমে কৰি আহিছে; কিন্তু বহু সময়ত একাংশ অনুপ্ৰৱেশকাৰীয়ে নিজকে বাংলাদেশী নাগৰিক বুলি স্বীকাৰ কৰিব নিবিচৰাত বিজিবিয়ে তেনে লোকক গ্ৰহণ কৰাত আপত্তি কৰি আহিছে।

তাৰ মাজতে আকৌ শ শ লোকক বিতাড়ন কৰি থকাটোৱে পৰিস্থিতিক জটিল কৰি তুলিছে। ভাৰতৰ সংশ্লিষ্ট ৰাজ্যকেইখনত ধৰা পৰা অনুপ্ৰৱেশকাৰীসকলক প্ৰথমে সীমান্ত অঞ্চলত স্থাপন কৰা কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয়। তাৰ পাছত সমৱেত কৰা লোকসকলক ভাগে ভাগে বিতাড়ন কৰা হৈছে।

ইয়াৰ পৰিপ্ৰেক্ষিততে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ শিবিৰত মানুহৰ সংখ্যাও বৃদ্ধি হৈ আহিছে। সমান্তৰালভাৱে বাংলাদেশৰ পৰাও সীমান্ত অঞ্চলত সুৰক্ষা ব্যৱস্থা বৃদ্ধি কৰা হৈছে। ভাৰতে জাকে জাকে মানুহ প্ৰেৰণ কৰা আৰু বিতাড়নৰ নীতিক বিজিবিয়ে বিৰোধ কৰি আহিছে। পুছ বেক কৌশল বিদেশী বিতাড়নৰ নীতি হ’বই নোৱাৰে বুলি বিজিবিয়ে শেহতীয়াকৈ যথেষ্ট আপত্তি দর্শাইছে।

সেই আপত্তিৰ মাজতো ভাৰতে মানুহ বিতাড়ন অব্যাহত ৰাখিছে। সূত্ৰত প্রকাশ যে বিতাড়নৰ পাছত বহু মানুহে নিজেই সীমান্ত অঞ্চলৰ পৰা বাংলাদেশৰ অভ্যন্তৰলৈ গতি কৰি আহিছে। তাৰ বিপৰীতে বহুতে সীমান্ততে বাহৰ পাতিছে।

বিজিবিয়েও সেইসকলক সহযোগিতা নকৰাৰ অভিযোগ উত্থাপন হৈছে। এনে সময়তে কেন্দ্ৰীয় চৰকাৰে দেশৰ অন্যান্য ৰাজ্যবোৰতো বাংলাদেশী অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি বিতাড়ন প্ৰক্ৰিয়া ত্বৰান্বিত কৰিব বিচৰাটোৱে সীমান্ত অঞ্চলত উত্তেজনাপূর্ণ পৰিৱেশো প্রায়ে সৃষ্টি কৰি আহিছে।

এই প্ৰসংগতে অসম চৰকাৰৰ উচ্চস্তৰীয় সূত্রই সদৰী কৰে যে যোৱা ২৬ মে’ত বাংলাদেশ সেনাৰ ব্রিগেডিয়াৰ জেনেৰেল নাজিম-উড-দৌলাই ভাৰত চৰকাৰৰ বিতাড়ন নীতিক গৰিহণা দি গ্রহণযোগ্য নহয় বুলি ঘোষণা কৰে। তাৰ পাছৰ পৰাই আন্তঃৰাষ্ট্ৰীয় সীমান্তত বিজিবিৰ সক্ৰিয়তা আৰু সমাৱেশ বৃদ্ধি হৈছে।

তাৰ লগতে ভাৰতৰ পৰা মানুহ বাংলাদেশৰ সীমান্তৰ ভিতৰলৈ পঠিয়াই দিয়াতো বাধা প্ৰদান কৰি আহিছে। সেয়েহে সীমান্তৰ পৰিস্থিতি যাতে অধিক প্রতিকূল নহয়, তাৰ বাবে অসমেও নিজাকৈ সুৰক্ষা ব্যৱস্থা বৃদ্ধি কৰাৰ লগতে সীমান্ত সুৰক্ষা বাহিনী আৰু ভাৰত চৰকাৰৰ বিভিন্ন নিৰাপত্তা সংস্থাসমূহকো সীমান্ত অঞ্চলত শক্তি বৃদ্ধি কৰিবলৈ অসমৰ পৰা কেন্দ্ৰক আহ্বান জনোৱা হৈছে।

Exit mobile version