Gaurav gogoi:✒️ বিটিআৰ, ডিমা হাছাও, কাৰ্বি আংলঙৰ দৰে স্বায়ত্তশাসিত পৰিষদৰ সাংবিধানিকভাৱে প্ৰদত্ত ক্ষমতা ‘ৰিম’ট কণ্ট্ৰ’ল’ৰ জৰিয়তে এতিয়া দিছপুৰৰ পৰাই নিয়ন্ত্ৰণ কৰিছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে।
এই গুৰুতৰ অভিযোগ উত্থাপন কৰি আজি অসম চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ।
শনিবাৰে কাৰ্বি আংলঙৰ ডিফুত এক সংবাদমেলত তেওঁ কয় যে যিসকলে ষষ্ঠ অনুসূচীৰ আত্মাক ৰক্ষা কৰিব লাগিছিল সেইসকলেই এতিয়া ষষ্ঠ অনুসূচীৰ আত্মাক ধ্বংস কৰিছে।
গগৈয়ে কয় যে ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত অঞ্চলসমূহক যি প্ৰশাসনিক আৰু আৰ্থিক স্বায়ত্তশাসন দিয়াৰ কথা, বাস্তৱত দিছপুৰৰ পৰাই নিয়ন্ত্ৰিত হৈ আছে। তেওঁ কয়, ”ষষ্ঠ অনুসূচী দিয়াৰ উদ্দেশ্য হৈছে বিভিন্ন জনগোষ্ঠীৰ লোকসকলক স্বায়ত্ব শাসনৰ সুযোগ প্ৰদান কৰা। নিজৰ অঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত, সেই অঞ্চলৰ লোকসকলে ক্ষমতা পাব লাগে। মূল কথাটোৱেই হৈছে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ। ক্ষমতা দিল্লী, দিছপুৰৰ পৰা নহয়, ডিফুৱে পাব লাগে। বিটিআৰে পাব লাগে, ডিমা হাছাওৱে পাব লাগে।’’
কংগ্ৰেছে ক্ষমতাৰ বিকেন্দ্ৰীকৰণক সদায়েই সন্মান কৰি আহিছে বুলি উল্লেখ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে আৰু কয়, “আজি স্থানীয় পৰিষদসমূহৰ হাতত একো নাই। মুখ্যমন্ত্ৰীয়ে নিজেই সকলো সিদ্ধান্ত লৈছে। আজিৰ জনজাতীয় লোকসকলৰ ভৱিষ্যত দূৰৰ পৰা জাৰি কৰা নিৰ্দেশৰ ওপৰত নিৰ্ভৰশীল।”
”কংগ্ৰেছে বুজি পায় যে আমাৰ দেশৰ ভিতৰত মাত্ৰ এটা চিন্তাধাৰাৰ ৰাজত্ব হ’ব নোৱাৰে। অসমৰ ভিতৰতো মাত্ৰ এটা চিন্তাধাৰাৰ ৰাজত্ব হ’ব নোৱাৰে। আমি ক্ষমতা বিকেন্দ্ৰীকৰণ কৰিব লাগিব। সকলোৰে নিজৰ আশা আছে, সপোন আছে। সকলোৱে আৰ্থিকভাৱে, সামাজিকভাৱে আৰু ৰাজনৈতিকভাৱে অধিক শক্তিশালী হোৱাতো বিচাৰে। কিন্তু এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ষষ্ঠ অনুসূচীৰ আত্মাত আঘাত হানিছে।’’
লগতে তেওঁ কয় যে ,”তৰুণ গগৈয়ে ক্ষমতাৰ বিকেন্দ্ৰীকৰণত গুৰুত্ব দিছিল। আমাৰ দলৰ ক্ষতি কৰি হ’লেও তেওঁ বিটিআৰৰ স্থানীয় নেতাসকলক ক্ষমতা প্ৰদান কৰিছিল। কাৰ্বি আলং, ডিমা হাছাওত স্থানীয় জ্যেষ্ঠ নেতাসকলৰ লগতে বিভিন্ন দল-সংগঠনৰ পৰা পৰামৰ্শ লৈ আগবাঢ়িছিল। পিছে আজি সকলো বিপৰীত। আজি কাউন্সিলবোৰৰ ক্ষমতা কাউন্সিলৰ ভিতৰত নাথাকে, থাকে হিমন্ত বিশ্বৰ হাতত।’’
স্বায়ক্ত পৰিষদৰ ক্ষমতা হিমন্ত বিশ্বই কাঢ়ি লৈ ৰিম’ট কন্ট্ৰ’লেৰে চলাই আছে বুলি উল্লেখ কৰি গগৈয় কয়। গগৈয়ে আৰু কয় যে আজি কাউন্সিলসমূহৰ নেতাসকল দুৰ্বল হৈ পৰিছে আৰু নিজৰ জনগোষ্ঠীৰ লোকসকলৰ অধিকাৰ সুৰক্ষিত কৰাত ব্যৰ্থ হৈছে। গগৈৰ মন্তব্য, ”আমি বিচাৰো কাউন্সিলৰ নেতৃত্বত থকা লোকসকল ভাল হ’ব লাগে, শক্তিশালী হ’ব লাগে। চিন্তাধাৰা আদৰ্শ বেলেগ হ’লে নিজৰ অঞ্চলৰ স্বাৰ্থত, নিজৰ লোকসকলৰ পক্ষত মাত মাতিব লাগে। কিন্তু আজিৰ তাৰিখত সকলোতে কাউন্সিলৰ নেতৃবৃন্দই হিমন্ত বিশ্বই যি কৈছে, যি কৰিছে তাতেই আঠু কাঢ়ি হয়ভৰ দিছে।’’ গগৈয়ে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধেও ভূমি বিতৰণৰ অভিযোগ উত্থাপন কৰে।”
তেওঁৰ কথাত, “মুখ্যমন্ত্ৰীয়ে পৰিষদৰ মাটি আৰু জনসাধাৰণৰ সম্পদ নিজৰ ইচ্ছামতে কেনেকৈ বিতৰণ কৰিব? স্থানীয় নেতাসকলক শক্তিহীন কৰি তোলাৰ বাবে প্ৰতিবাদ কৰাৰ সাহসও নাই।”
“এয়া কেৱল ৰাজনীতিৰ প্ৰশ্ন নহয়। আমাৰ খিলঞ্জীয়া ভাই-ভনীসকলৰ সাংবিধানিক অধিকাৰ সুৰক্ষিত কৰাৰ প্ৰশ্ন। আজি এই অধিকাৰসমূহ যিদৰে কাঢ়ি লোৱা হৈছে সেয়া এক ভয়ংকৰ সংকেত বুলিও তে উল্লেখ কৰে ।
ৰাজ্যৰ জনজাতীয় স্বায়ত্বশাসন গাঁথনি আজি চৰম ভাবুকিৰ সন্মুখীন হৈছে বুলি উল্লেখ কৰি হিমন্ত চৰকাৰৰ এনে হস্তক্ষেপ বন্ধ কৰাৰ দাবীৰে কংগ্ৰেছ অনাগত দিনত অধিক সোচ্ছাৰ হৈ পৰিব বুলিও ইংগিত প্ৰদান কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।






























