Gaurav Gogoi talks to Gungun:লখিমপুৰৰ কঠিয়াতলী উচ্ছেদৰ ভূক্তভোগী গুণগুণৰ স’তে গৌৰৱ গগৈৰ ভিডিঅ’ ফোনযোগে বাৰ্তালাপ

V 1

Gaurav Gogoi talks to Gungun:

প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে শুক্ৰবাৰে ভিডিঅ’ ফোনযোগে লক্ষীমপুৰৰ কঠিয়াতলী উচ্ছেদৰ ভূক্তভোগী গুণগুণ চেতিয়াৰ সৈতে বাৰ্তালাপ কৰে। তেওঁলোকৰ কঠিয়াতলীত জেচিবি চলাই চৰকাৰ-প্ৰশাসনে চলোৱা অমানবীয় উচ্ছেদ কাৰ্য্যৰ পিছত সৃষ্টি হোৱা পৰিস্হিতিত ধৈৰ্য ধৰি আগন্তক দিনত ভাল কাম কৰি যাবলৈ আহ্বান জনাই।

লগতে সভাপতি গৰাকীয়ে কয় যে এই বিপদৰ সময়ত কংগ্ৰেছ দল তেওঁলোকৰ কাষত থিয় দিছে আৰু অনাগত দিনত অন্য পৰিয়ালৰ ক্ষেত্ৰতো যাতে চৰকাৰে এনেদৰে অন্যায়-অত্যাচাৰেৰে অমানবীয় উচ্ছেদ কৰিব নোৱাৰে তাৰ বাবে চেষ্টা কৰিব।

উল্লেখযোগ্য যে দলৰ নিৰ্দেশ অনুযায়ী দলৰ জ্যেষ্ঠ মুখপাত্ৰ তথা স্হানীয় কংগ্ৰেছ নেতা ডা: জয়প্ৰকাশ দাস সহ এটি দল ভুক্তভোগী পৰিয়ালটোৰ খা-খবৰ লবলৈ তেওঁলোকৰ বাসগৃহলৈ শুক্ৰবাৰে সন্ধিয়া গৈছিল।

Exit mobile version