Young Boy found his unknown father :
জন্মৰ মাত্ৰ দুবছৰৰ ভিতৰতে পৃথক হৈছিল পিতৃ আৰু মাতৃ। সেই দুবছৰ বয়সৰ পৰাই মাতৃৰ লগতে ডাঙৰ-দীঘল হৈছিল। সেই বয়সৰ পৰাই সেই যুৱকজন পিতৃস্নেহৰ পৰা বঞ্চিত হৈ আছিল। প্রায় দুটা দশক বিচ্ছিন্ন হৈ থকাৰ পাছত পুনৰ মিলন ঘটিল পিতা-পুত্ৰৰ। ৰেডিট নামৰ সামাজিক মাধ্যমৰ সৌজন্যতে এই পিতা-পুত্ৰৰ মিলন ঘটিছে। সেই সামাজিক মাধ্যম ব্যৱহাৰকাৰী যুৱকজনে কিছুদিনৰ পূৰ্বে ৰেডিটত তেওঁৰ পিতৃৰ সন্ধান পোৱাৰ বাবে এটা প’ষ্ট কৰে। সেই প’ষ্ট বিয়পি পৰাৰ পাছত যি ঘটিল, সেয়া কোনো চিনেমাৰ কাহিনীতকৈও কম নহয়।
অনলাইনৰ যাদুকাঠিতে পুনৰ মিলন ঘটিল পিতা-পুত্ৰৰ। পিতৃৰ সন্ধান পোৱাৰ বাবে ৰেডিটৰ উক্ত প’ষ্টত যুৱকজনে জনাইছিল যে ১৯৯৮ত তেওঁৰ পিতৃয়ে বাংগালুৰুৰ ‘পূর্ণিমা ট্রেভেলছ’ত কাম কৰিছিল। সেই আবেগঘন ৰেডিট প’ষ্টত যুৱকজনে লিখে যে তেওঁৰ পিতৃ প্রধানকৈ কেৰালাৰ বাসিন্দা আছিল আৰু এতিয়া তেওঁৰ বয়স প্রায় ৪৫ৰ পৰা ৫০ বছৰ হ’ব। শৈশৱতে পিতৃৰ স’তে তেওঁলোকৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছিল।
তেওঁ লগতে লিখিছিল, ‘মোৰ মাত্ৰ দুই বছৰ বয়সত মোৰ মা-দেউতা পৃথক হৈ পৰে আৰু মই কেতিয়াও তেওঁক জনাৰ সুযোগ নাপালো।’ সেই প’ষ্ট পঢ়ি সামাজিক মাধ্যমত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হয়। বহুতেই যুৱকজনক তেওঁৰ পিতৃৰ সংস্থাৰ স’তে যোগাযোগ কৰাৰ পৰামৰ্শ দিয়ে।
ইপিনে, কিছুদিনৰ ভিতৰতে যুৱকৰ সেই প্রতীক্ষাৰ অৱসান ঘটে। ৰেডিট ব্যৱহাৰকাৰীজনে আন এটা প’ষ্ট দি জনাইছে যে পিতৃৰ স’তে তেওঁলোকৰ পৰিয়ালৰ যোগাযোগ ঘটিছে। ফোনত পুত্ৰৰ মাত শুনি হেনো ক্রন্দনত ভাঙি পৰিছিল প্রৌঢ় পিতৃয়ে। যুৱকজনেই এই কথা সদৰী কৰিছে। পৰিয়ালৰ স’তে বিচ্ছেদ ঘটাৰ পাছত যুৱকৰ পিতৃয়ে পুনৰ বিয়া নকৰালে। সম্প্রতি তেওঁ চেন্নাইত কৰ্মৰত আৰু বিগত চাৰি বছৰৰ ভিতৰত তেওঁ কেৰালালৈ অহা নাই বুলিয়ে যুৱকে সদৰী কৰিছে।
