British F-35 jet:অৱতৰণৰ ২২ দিনৰ অন্তত অৱশেষত তিৰুৱনন্তপুৰম বিমানবন্দৰৰ ৰাণৱেৰ পৰা হেংগাৰলৈ স্থানান্তৰিত হয় ব্ৰিটিছ এফ-৩৫বি যুদ্ধ বিমানখন ।
ভাৰতে বিমানবন্দৰত বিমানখন মেৰামতি কৰিবলৈ কাৰিকৰী সহায় আগবঢ়াব বিচাৰিছিল। যদিও ব্ৰিটিছ সেনাই সেই কথাত সন্মতি নিদিলে।
প্ৰথম অৱস্থাত তেওঁলোকে বিমানখন হেংগাৰলৈ লৈ যাবলৈও ইচ্ছুক নাছিল যদিও অৱশেষত অসহায় হৈ ব্ৰিটিছ ৰয়েল নেভিয়ে বিমানখন হেংগাৰলৈ লৈ গৈছে!
শেহতীয়াকৈ ভাৰত মহাসাগৰ অঞ্চলত এক যৌথ অনুশীলনত অংশ লৈছিল এইচ এম এছ প্ৰিন্স অৱ ৱেলছ। ইয়াৰ অংশ হিচাপে আকাশত উৰিছিল এফ-৩৫বি।
১৪ জুনত ভাৰত মহাসাগৰৰ ওপৰেৰে উৰণৰ সময়ত যুদ্ধ বিমানখনৰ হঠাৎ ইন্ধন শেষ হৈ যায়।
ইয়াৰ পাছতে বিমানখনে কেৰালাৰ তিৰুৱনন্তপুৰম আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত জৰুৰীকালীন অৱতৰণ কৰে। কিন্তু পিছলৈ কথাবোৰ জটিল হ’বলৈ ধৰিলে।
তথ্য অনুসৰি বিমানখনৰ হাইড্ৰলিকত কিছু সমস্যা হৈছে। তাৰ পাছত ২২ দিনতকৈ অধিক সময় ৰাণৱেত থিয় হৈ আছিল বিমানখন।
এনে পৰিস্থিতিত ব্ৰিটেইনেও যুদ্ধ বিমানখন মেৰামতি কৰিবলৈ ৪০ জনীয়া এটা দল প্ৰেৰণ কৰে। কিন্তু পৰীক্ষাৰ অন্তত দেখা গ’ল যে ভাৰতত মেৰামতি কৰাটো সম্ভৱ নহয়। কাৰণ বিমানখনৰ হাইড্ৰলিকছৰ কেবাটাও জটিল সমস্যা আছে।
ইয়াৰ পাছতে ব্ৰিটেইনে আন এটা প্রযুক্তিবিদৰ দল পঠিয়াই । তেওঁলোকে বিমানখন হেংগাৰলৈ লৈ যোৱাৰ সিদ্ধান্ত ল’লে। ফলত ২২ দিনৰ মূৰত ৰাণৱেৰ পৰা স্থানান্তৰিত কৰি হেংগাৰলৈ লৈ যোৱা হয় বিমানখন।
বিমানখন মেৰামতি কৰিব পৰা যাব নেকি সেই বিষয়ে পুনৰ পৰিদৰ্শন কৰা হ’ব। যদি নহয় তেন্তে বিমানখন ইংলেণ্ডলৈ বিমানযোগে প্ৰেৰণ কৰা হ’ব।






























