Panjabari Incident:
মহানগৰীৰ পাঞ্জাবাৰীৰ ঈদগাহ মছজিদত উদ্ধাৰ হোৱা গাহৰি মাংস কাণ্ডৰ সন্দৰ্ভত আজি আৰক্ষীয়ে সোধপোচৰ বাবে আটক কৰে এগৰাকী যুৱতীক ৷
উল্লেখ্য যে,মছজিদৰ উদ্ধাৰ হোৱা গাহৰিৰ মাংসৰ টোপোলাত আছিল যুৱতী এগৰাকীৰ নাম আৰু ফোন নম্বৰ৷
আৰক্ষীয়ে ঘটনা সন্দৰ্ভত যুৱতী গৰাকীক কৰা জেৰাত কয়,ঘটনা সম্পৰ্কত তেওঁ একো নাজানে আৰু পেকেটটোত থকা হাতৰ আখৰো তেওঁৰ নহয় ৷ দিছপুৰ আৰক্ষীয়ে মাৰাথন জেৰাৰ অন্তত আটকাধীন যুৱতী গৰাকীক যাবলৈ দিয়ে ।
