RTI Worker Dilip Nath Arrested:
অৱশেষত গ্ৰেপ্তাৰ হ’ল বহু বিৰ্তকিত আৰটিআই কর্মী দিলীপ নাথ ৷ গোসাঁইগাঁৱত আৰক্ষীয়ে পশ্চিমবংগৰ পৰা গ্ৰেপ্তাৰ কৰে দিলীপ নাথক ৷
উল্লেখ্য যে ২৯জুনত ঢেকিয়াজুলিত অবৈধ শিল-বালি খননৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা বৈদ্যুতিন মাধ্যমৰ সাংবাদিক এগৰাকীক দলবদ্ধ আক্ৰমণৰ ঘটনাত উচটনি দিয়াৰ অভিযোগ উদ্থাপিত হৈছিল দিলীপ নাথৰ বিৰুদ্ধে। সাংবাদিক নিগৃহিত ঘটনাৰ স’তে জড়িত থকাৰ অভিযোগত ইতিমধ্যেই গ্ৰেপ্তাৰ হৈছিল নাথৰ পুত্ৰসহ আন কে’বাজনো শিল- বালি খননৰ মাফিয়া ৷
আটকাধীন নাথ গুৱাহাটীৰ বিৰ্তকিত আৰটিআই কৰ্মী দুলাল বৰাৰ মালিকাধীন নিউজ পৰ্টেল ‘এন ই ভাৰত’ৰ ঢেকিয়াজুলিস্থ সংবাদদাতা আছিল ৷ আনহাতে সাংবাদিকক আক্ৰমণ কৰিবলৈ উচতনি দিয়াৰ অভিযোগত ঢেকিয়াজুলি প্ৰেছ ক্লাবৰ সদস্য নাথক ক্লাবৰ পৰা অব্যাহতি দিয়া হয় ৷
