Ramayana: বলিউডত সর্বাধিক ব্যয়বহুল চলচ্চিত্র হিচাপে নিৰ্মাণ কৰা হৈছে ‘ৰামায়ণ’। প্রকাশিত বাতৰি অনুসৰি, ‘ৰামায়ণ’ নিৰ্মাণ ব্যয় ১৬০০ কোটি টকা নিৰ্ধাৰণ কৰা হৈছে।
ৰণবীৰ কপুৰ, যশ, সাই পল্লৱীসহ কে’বাজনো বিখ্যাত তাৰকা অভিনেতাই ‘ৰামায়ণ’ত অভিনয় কৰিছে। দুটা পৰ্বত ‘ৰামায়ণা’ নিৰ্মাণ কৰা হৈছে।
ফিল্মফেয়াৰৰ প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি, যশে এইখন ছবিত ৰাৱণৰ চৰিত্ৰত অভিনয়ৰ বাবদ দুটা পৰ্বত মুঠ ২০০ কোটি টকাৰ পাৰিশ্ৰমিক গ্ৰহণ কৰিছে।
আনহাতে, ৰামৰ চৰিত্ৰত অভিনয় কৰা ৰণবীৰে দুই পৰ্বত ১৫০ কোটি টকাৰ পাৰিশ্ৰমিক লৈছে। সীতাৰ চৰিত্ৰত অভিনয় কৰা পল্লৱীয়ে দুটা খণ্ডত অভিনয়ৰ বাবদ ১২ কোটি টকাৰ পাৰিশ্ৰমিক লাভ কৰিলে।
‘ৰামায়ণ’ৰ পৰিচালনাৰ দায়িত্বত আছে নীতেশ তিৱাৰী। ‘ৰামায়ণ’ৰ প্ৰথম খণ্ডৰ নিৰ্মাণত ৯০০ কোটি টকা আৰু দ্বিতীয় খণ্ডৰ নিৰ্মাণত ৭০০ কোটি টকা ব্যয় কৰা হৈছে।






























