মার্কিন প’ৰ্ণ ছবিৰ বাবে চুক্তিবদ্ধ অসম কন্যা অর্চিতা ফুকন!

images 8 3

Archita Phukan :মার্কিন প’ৰ্ণ তাৰকাৰ স’তে ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰি চৰ্চাৰ মাজলৈ আহিছে অসমৰ যুৱতী অৰ্চিতা ফুকন। তদুপৰি এক ভাইৰেল ভিডিঅ’ প’ষ্ট কৰিও সামাজিক মাধ্যমত লক্ষ লক্ষজনৰ কৌতূহলৰ কাৰণ হৈছে অর্চিতা।

ইনষ্টাগ্রাম ইনফ্লুৱেনছাৰ (যিজনে প্ৰভাৱিত কৰিব পাৰে) অর্চিতাই মার্কিন প্রাপ্তবয়স্ক ছবিৰ তাৰকা কেন্দ্ৰা লাষ্টৰ স’তে একেলগে ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ পাছত অৰ্চিতাৰ ভাইৰেল ভিডিঅ’ চাবলৈ হেতা-ওপৰা লাগিছে।

সম্প্রতি গুগল ছাৰ্চৰ শীৰ্ষত আছে অর্চিতা ফুকনৰ ভিডিঅ’। অর্চিতা ইনস্টাগ্রামত বেবীড’ল আর্চি বুলি পৰিচিত। ‘অর্চিতা ফুকন ভাইৰেল ভিডিঅ’ বুলি গুগলত সন্ধান কৰে তেন্তে দেখা যায় যে ই অনলাইনৰ শীর্ষত আছে। অৱশ্যে অর্চিতাৰ ভিডিঅ’ৰ ভিউ অন্যান্য ভিডিঅ’ৰ ভিউ বহু মিলিয়ন।অর্থাৎ বহু লক্ষ লক্ষ লোকে তেওঁৰ ভিডিঅ’ চায়।

এই অর্চিতাই শেহতীয়াভারে ইনস্টাগ্রামত এটা ৰীল বনাই জনপ্রিয় হৈছে। অসম কন্যা বুলি পৰিচিত আৰু বেবীড’ল আর্চি নামেৰে পৰিচিত ইনস্টাগ্রাম ইনফ্লুৱেনছাৰগৰাকীয়ে শেহতীয়াভাৱে কেটলিনৰ ‘ডেম উন গ্র’ শীর্ষক গানত ৰীল বনাই ভাইৰেল হয়।

এই ৰীল বনোৱাৰ লগে লগে তেওঁক লৈ সামাজিক মাধ্যমত তীব্র কৌতূহলৰ সৃষ্টি হয় আৰু বিভিন্নজনে কোন এই বেবীড’ল আর্চি তাকে লৈ অনুসন্ধান কৰিবলৈ আৰম্ভ কৰে। নিশাটোৰ ভিতৰতে ধুমুহাৰ দৰে তেওঁৰ অনুসৰণকাৰী (ফ’ল’ৱাৰ) ৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰে।

আকস্মিকভাবে ইনস্টাগ্রামত খ্যাতি লাভ কৰা অর্চিতাৰ এই ভাইৰেল ভিডিঅ’টোত তেওঁ এটা গুলপীয়া ৰঙৰ পোছাক পৰিধান কৰি শাৰী পৰিধানলৈ নিজকে ৰূপান্তৰ কৰাৰ দৃশ্য। এই ট্রেনজিছন ভিডিঅ’ প’ষ্ট কৰাৰ লগতে ভাইৰেল হয়।

ভাইৰেল ভিডিঅ’ প’ষ্ট কৰাৰ লগে লগে লক্ষ লক্ষবাৰ সেয়া চাই নেট নাগৰিকে আৰু তেওঁ কোন তাকে লৈ মনৰ কৌতূহল দূৰ কৰিবলৈ চেষ্টা চলোৱাৰ বাবেই গুগল সন্ধানৰ শীৰ্ষত স্থান লাভ কৰিছে অর্চিতা ফুকন অথবা বেবীড’ল আর্চিয়ে।

স্বাভাবিকভাৱেই সুন্দৰী নাৰী অর্চিতাই সামাজিক মাধ্যমত পৰিধান কৰা পোছাকক লৈও চর্চা আছে। এই ক্ষেত্রত তেওঁ সাহসী বুলিও কয় বিভিন্নজনে। স্বল্পবসনা হৈয়ে তেওঁ বিভিন্ন ৰীল আৰু ভিডিঅ’ প’ষ্ট কৰে।

ইনস্টাগ্রামত তেওঁৰ অনুৰাগীৰ সংখ্যা প্রায় ন লাখ। কেৱল ৰীল আৰু ভিডিঅ’ প’ষ্ট কৰিয়ে তেওঁ জনপ্রিয় হোৱা নাই।মার্কিন প’র্ণ তাৰকা কেন্দ্ৰা লাষ্টৰ স’তে ফটো প’ষ্ট কৰাৰ পাছতে হতবাক হয় বহুজন।

এই ছবিখনৰ জৰিয়তেও সম্প্রতি শিৰোনাম দখল কৰিছে অর্চিতাই। অসম কন্যাৰ বিভিন্ন দেশত নিষিদ্ধ ছবিৰ তাৰকাৰ স’তে অপ্রত্যাশিত যুটি দেখি অবাক হোৱাই নহয়, বিভিন্ন প্রশ্ন জাগ্রত হৈছে অনুৰাগীসকলৰ মনত।

এই ফটো প’ষ্ট কৰি অৰ্চিতাই লিখিছে- ‘প্রথমবাৰ কেন্দ্ৰাৰ স’তে তেওঁৰ পৰিচয় এক অবিস্মৰণীয় অভিজ্ঞতা। অর্চিতাই লিখিছে মই তেওঁৰ আত্মবিশ্বাস, পেছাদাৰী মনোভাব আৰু সাফল্যৰ দ্বাৰা অনুপ্রাণিত। এনে এগৰাকীক লগ পাই মই অতি আনন্দিত। তেওঁৰ পৰা শিকিবলৈ সুযোগ লাভ কৰিও মই কৃতজ্ঞ।’ স্বাভাৱিকতে অর্চিতাৰ এই বাক্যকেইশাৰীয়ে বহু কথা কৈছে।

এই ছবিখন ভাইৰেল হোৱাৰ পাছত সামাজিক মাধ্যমত স্বাভাৱিকতে প্রশ্ন উঠে যে আমেৰিকাৰ প্ৰাপ্তবয়স্কৰ বাবে প্ৰস্তুত কৰা চলচ্চিত্র জগতত ভৰি থ’বলৈ আগবাঢ়িছে নে ইতিমধ্যে এই জগতত প্ৰৱেশ কৰিছে। কিহৰ বাবে অর্চিতা আৰু কেন্দ্রাই যুটি বান্ধিলে বা এই সাক্ষাৎ নিতান্তই আকস্মিক আছিল নেকি সেয়া স্পষ্ট নহয়।

অৱশ্যে এই চর্চা তুংগত থকা সময়তে একাংশ অনুৰাগী হতাশো হৈছে। কিয়নো এটা দাবী অনুসৰি অৰ্চিতা মানুহ নহয়, তেওঁ কৃত্রিম বুদ্ধিমত্তা (এআই)ৰ দ্বাৰা সৃষ্ট এগৰাকী অনলাইন ইনফ্লুৱেনছাৰ। বাস্তৱত তেওঁৰ কোনো অস্তিত্ব নাই। অৱশ্যে আন একাংশই কয় যে এই দাবী সত্য নহয়। বাস্তৱতে তেওঁ এগৰাকী তেজ মঙহৰ নাৰী আৰু অসমৰ এগৰাকী মডেল। মূলতঃ ইনস্টাগ্রামকে ধৰি আন সামাজিক মাধ্যমত চলি থকা চর্চা অনুসৰি, তেওঁৰ বহু অনুৰাগী দৃঢ় যে সঁচাকৈ এদিন বিচাৰি উলিয়াব অর্চিতাক।

এই অংগীকাৰ প্ৰকাশ কৰিছে বহুজনে। ইয়াকে লৈ পানী ঘোলা হ’লেও অর্চিতা এআই সৃষ্ট কাল্পনিক ইনফ্লুৱেনছাৰ নে বাস্তৱৰ নাৰী সেই বিষয়ে ব্যাখ্যা নাই ইনস্টাগ্রাম প্রফাইলত। উল্লেখ্য যে ২০২৩ৰ জুলাইত অর্চিতাৰ ইনস্টাগ্রামত এটা প’ষ্টত দাবী কৰা হৈছিল যে সুদীর্ঘ ছবছৰ তেওঁ যৌনকর্মী হিচাপে কাম কৰিবলৈ বাধ্য হৈছিল। ইয়াৰ পৰা ‘স্বাধীন’ হ’বলৈ তেওঁ ২৫ লাখ টকা আদায় ল’বলগীয়া হৈছিল আৰু পৰৱৰ্তী সময়ত সেই জীৱনৰ পৰা ওলাই আহিব পাৰিছিল। অৱশ্যে তেওঁ এই ধন কাক দিছিল অথবা কিদৰে তেওঁক আবদ্ধ কৰি ৰখা হৈছিল সেই সম্পর্কে কোনো খোলাচা কৰা নাই।

কেন্দ্ৰা লাষ্টৰে ভাইৰেল ফটোখন

অর্চিতা অর্থাৎ ভাইৰেল বেবীড’ল আর্চিয়ে চলিত বৰ্ষৰ এপ্ৰিলতে ইনস্টাগ্রাম প্রফাইলত সম্প্রতি ভাইৰেল হোৱা ফটোখন প’ষ্ট কৰিছিল। ইয়াত দেখা গৈছে যে ভিন্ন ৰঙী হ’লেও দুয়ো হুবহু বেশভূষা পৰিধান কৰি কেমেৰাৰ সন্মুখত প’জ দিছে।

ইপিনে ইয়াৰ পাঁচদিন পূর্বে অর্চিতাই মার্কিন প্রাপ্ত বয়স্কৰ ছবিৰ তাৰকাগৰাকীৰ স’তে প’ষ্ট কৰা আন এখন ফটোত লিখা কেইটামান শব্দই ইংগিত দিয়ে যে অর্চিতাই বোধহয় প্রবেশ কৰিছে মার্কিন প’র্ণ ছবিৰ জগতত।

তাত তেওঁ লিখিছে ‘ছাইনড আপ’ অর্থাৎ স্বাক্ষৰ কৰিলো বা অন্তর্ভুক্ত হ’লো আৰু লিখিছে ‘উইডাউট বিডিং দ্য টার্মছ’ অর্থাৎ তেওঁ যিহৰ বাবে স্বাক্ষৰ কৰিলে তাৰ চৰ্তসমূহৰ পৰিচয় নাই। তদুপৰি তেওঁ প্রাপ্ত বয়স্কৰ ছবি জগতত প্ৰৱেশ কৰা সম্পৰ্কীয় প্রকাশিত কিছুমান বাতৰিৰ ‘স্ক্রীণশ্বট’ ইনস্টাগ্রামত প্রকাশ কৰিছে।

ইপিনে, আন প’ষ্টত তেওঁ লিখিছে ‘শেহতীয়াভাৱে মই দেখিছো যে মোৰ নামটো শিৰোনামত, বিভিন্নজনৰ গুণগুণনিত আৰু বহু জল্পনাৰ সাগৰত ঘূৰি ফুৰিছে। এয়া মাত্র এটা সাক্ষাৎ, এখন ফ্রেম আৰু এটা মুহূৰ্তৰ বাবে হৈছে।’ ইয়াৰ লগতে তেওঁ লিখিছে, ‘মই স্পষ্ট কৰি দিব বিচাৰো যে মই কোনো কথা এতিয়ালৈ নিশ্চিত কৰা নাই। অৱশ্যে মই ইয়াত এইবোৰ অস্বীকাৰো কৰা নাই। কিয়? কাৰণ মই শিকিছো যে বহু সময়ত স্পষ্টীকৰণতকৈ মৌনতাই অধিক সশব্দে কথা কয়। কিছুমান পথ ব্যক্তিগত থাকে, কিছুমান পদক্ষেপ কৌশলীও থাকে। আৰু কিছুমান কাহিনী অধ্যায়বোৰত কোৱাটোৱেই উত্তম হ’ব, কেপচনত নহয়।’

কোন এই অর্চিতা?

ইনস্টাগ্রামৰ একাউণ্টৰ মতে, তেওঁ অসমৰ এগৰাকী ইনফ্লুৱেনছাৰ। সম্প্রতি তেওঁ মার্কিন যুক্তৰাষ্ট্ৰত বাস কৰে। তেওঁ ফল’ৱাৰ্ছ অর্থাৎ অনুৰাগীৰ সংখ্যা ইনষ্টাগ্ৰামত আঠ লক্ষাধিক আৰু ‘এক্স’ত প্রায় ২১ হেজাৰ। ২০২২ৰ নৱেম্বৰত এটা প’ষ্টত তেওঁ কৈছিল যে তেওঁ এটা বিখ্যাত অন্তর্বাস কোম্পানীৰ মডেলৰূপে নির্বাচিত হৈছে।

Exit mobile version