Himachal Pradesh: ✒️হিমাচল প্ৰদেশৰ মণ্ডীত আকস্মিক বানৰ কাৰণত ধৰ্মপুৰ অঞ্চলৰ সিয়াথি গাঁও একপ্ৰকাৰ ধ্বংস হ’ল। এই গাঁৱৰ ৬৭ বাসিন্দাই বিগত সাতদিন ধৰি স্থানীয় এক মন্দিৰত আশ্রয় গ্রহণ কৰিছে।
যোৱা ৩০ জুনৰ নিশা হঠাতে প্রবল বৃষ্টিপাত আৰম্ভ হৈছিল।সেইদিনা গাঁওখনৰ এটি পৰিয়ালৰ ঘৰত নিশা ১২ বজাৰ আশে-পাশে ঘৰৰ দ্বিতীয় মহলাত থকা এটা কুকুৰে সঘনে ভুকিবলৈ ধৰিছিল।
কুকুৰটোৱে ভুকাৰ লগতে চিঞৰি কান্দিছিল। কুকুৰৰ এই অস্বাভাবিক আচৰণত পৰিয়ালৰ লোকে সাৰ পাই বাহিৰলৈ আহি ঘৰত বানপানীয়ে প্ৰৱেশ কৰাৰ কথা জানিব পাৰিলে।
লগে লগে পৰিয়ালটোৰ লোকে কুকুৰটোক লৈ চুবুৰীয়াক জগাবলৈ ধৰে আৰু ইয়াৰ পাছতে সকলোৰে দৌৰাদৌৰিকৈ বানৰ পৰা ৰক্ষা লাভৰ বাবে সুৰক্ষিত স্থানৰ সন্ধান – কৰিছিল।
সেই নিশাই উক্ত গাঁৱত পাহাৰৰ এক বৃহৎ অংশ বাগৰি পৰিছিল আৰু কে’বাটাও বাসগৃহ ধ্বংসস্তূপত পৰিণত হৈছিল। গাঁওবাসীয়ে তেওঁলোকৰ প্ৰাণৰক্ষা কৰাৰ বাবে কুকুৰটোক কৃতজ্ঞতা জনাই কয় যে সেই নিশা যদি কুকুৰটোৱে ভুকি সকলোকে জগাই নিদিলেহেঁতেন, তেন্তে বান আৰু ভূমিস্খলনত গাঁৱৰ বহু লোকৰ মৃত্যু হ’লহেঁতেন।
পীড়িত গাঁওবাসীয়ে বৰ্তমানে মন্দিৰ এটাত আশ্রয় গ্রহণ কৰিছে আৰু গাঁওবাসীৰ স’তে আছে তেওঁলোকৰ প্ৰাণৰক্ষা কৰা কুকুৰটো।






























