Goalpara :
ৰাজ্যৰ চৌদিশে সংঘটিত কেতবোৰ বিক্ষিপ্ত ঘটনাই সচেতন মহলক চিন্তাম্বিত কৰি তুলিছে ৷ ক’ৰবাত যদি ধৰ্মীয় অনুষ্ঠানৰ চৌহদত গো- মাংস উদ্ধাৰ হৈছে ৷ আন ক’ৰবাত আকৌ উদ্ধাৰ হৈছে গাহৰি মাংস ৷
এনেবোৰ ঘটনাৱলীৰ চাঞ্চল্য মাৰ নৌযাওঁতেই গোৱালপাৰাত মঙলবাৰে সংঘটিত হয় এক ঘটনা ৷
গোৱালপাৰাৰ দুৰ্গা মন্দিৰত নিশা কোনো দুৰ্বৃত্তই ভাঙিলে ৫ টাকৈ দেৱ-দেৱীৰ মূৰ্তি ৷
এই ঘটনাৰ পিছতে ২৪ ঘণ্টাৰ ভিতৰত দুৰ্বৃত্তক কৰায়ত্ত কৰাৰ দাবীত বিভিন্ন হিন্দুত্ববাদী সংগঠনৰ কৰ্মীয়ে বিভিন্ন শ্ল’গানেৰে আকাশ- বতাহ মুখৰিত কৰি তোলে ৷ অৱশ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দুৰ্বৃত্তক তৎকালেই গ্ৰেপ্তাৰ কৰাৰ আশ্বাস দিয়াত সংগঠন কেইটা ক্ষান্ত হয় ৷
আনহাতে , গোৱালপাৰাৰ আৰক্ষীয়ে নিশাই ক্ষিপ্ৰতাৰে অভিযান চলাই গ্ৰেপ্তাৰ কৰে চাহাব উদ্দীন আলী নামৰ দুৰ্বৃত্তটোক ৷ ইতিমধ্যে অধিক তথ্য বাবে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷






























