Protest against eviction in Salbari:উচ্ছেদৰ বিৰুদ্ধে শালবাৰীত তীব্ৰ প্ৰতিবাদ সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাৰ 

AB MM

Protest against eviction in Salbari:

ৰাজ্যত চলোৱা উচ্ছেদক অমানৱীয় আখ্যা দি বাক্সাৰ শালবাৰীত তীব্ৰ প্ৰতিবাদ সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাৰ | সংবিধান বিৰোধী অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘৰ কাষ চাপিব এবিআমছু | অসমৰ প্ৰতিটো সংখ্যালঘু দল সাংগঠন আৰু মুছলমান সকলক একত্ৰিত হৈ ড:হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰাৰ হুংকাৰ এবিআমছুৰ।

এবিআমছুৰ  কেন্দ্ৰীয়  সমিতিৰ নিৰ্দেশ মৰ্মে শালবাৰী জিলা সমিতিৰ উদ্যোগত পূব খাৰিজা বিজনী আঞ্চলিক সমিতিৰ সহযোগত মিলন বজাৰত অবৈধ উচ্ছেদৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে শালবাৰীৰ জিলা এবিআমছুৰ নেতৃত্বই। হাতে হাতে প্লেকাৰ্ড লৈ চৰকাৰ বিৰেধী বিভিন্ন শ্ল’গানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী |

অমানৱীয় উচ্ছেদ বন্ধ কৰক, বি জে পি চৰকাৰৰ মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা গ বেক, অসম পুলিচ হাই হাই, এবিআমছু জিন্দাবাদ আদি শ্ল’গানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী।

Exit mobile version