Jorhat Suicide Incident:ধনৰ অভাৱত মাতৃয়ে বিক্রী কৰিলে টিভি, নাবালকৰ আত্মহনন

যোৰহাটত ষষ্ঠ শ্ৰেণীৰ ছাত্ৰৰ কাণ্ডত চাঞ্চল্য

suicide mm

Jorhat Suicide Incident:

ধনৰ অভাৱত পৰি ঘৰৰ টেলিভিছনটো মাতৃয়ে বিক্ৰী কৰি দিয়াৰ দুখত ভাগি পৰি যোৰহাট নগৰৰ জেইল ৰোডৰ এজন নাবালক ছাত্রই আত্মহননৰ পথ বাছি লোৱাৰ তথ্য পোহৰলৈ আহিছে। আৰক্ষী সূত্রই জনোৱা মতে, জেইল ৰোড অঞ্চলত এটা ভাড়াঘৰত বাস কৰা মাজনী তাঁতী নামৰ এগৰাকী মহিলাৰ ১১ বছৰীয়া পুত্ৰই মঙলবাৰে দুপৰীয়া এখন গামোচাৰে চিলিং ফেনত চিপ লয়। দুপৰীয়া মোমায়েকৰ ঘৰত ভাত খাই আহি ঘৰত টিভিটো নেদেখাত খং আৰু দুখত নাবালকজনে আত্মহত্যা কৰা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে।

কিছু সময়ৰ পাছত মাক ঘৰলৈ আহি পুত্রক ওলমি থকা অৱস্থাত প্রত্যক্ষ কৰি কন্দা-কটা কৰাত চুবুৰীয়া লোক ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীক খবৰ দিয়ে। সেই মর্মে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

নাবালকজন বৰভেটা হাইস্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ আছিল বুলি সূত্রই জনায়। সূত্রই জনোৱা মতে, ধনৰ অভাৱত ভুগি নাবালকজনৰ মাতৃয়ে পুত্ৰ ঘৰত নথকাৰ সময়ত ঘৰৰ টিভিটো দুহেজাৰ টকাত বিক্ৰী কৰে।

Exit mobile version