Murder: সম্পত্তি কুক্ষিগত কৰাৰ নামত ভ্রাতৃ-ভগ্নীৰ সম্পৰ্কও একাংশ লোকৰ বাবে গৌণ হোৱাৰ পৰিণতিতে হত্যাৰ বলি হ’বলগীয়া হ’ল গুৱাহাটীৰ খাৰঘুলিৰ ওপৰ লুইতপাৰৰ বাসিন্দা বন্দনা দাস (৬৯) নামৰ মহিলাগৰাকী।
এই হত্যাৰ মূল চক্ৰীৰূপে আৰক্ষীয়ে চিনাক্ত কৰা ভ্রাতৃ ভাস্কৰ জ্যোতি দাসক গ্ৰেপ্তাৰক লৈয়ে এই তথ্য পোহৰলৈ আহিছে। লতাশিল আৰক্ষীয়ে উদ্ধাৰ কৰা তথ্য অনুসৰি, বন্দনা দাসৰ পৰিচৰ্যাৰ দায়িত্বত থকা ৰাতুল দাস নামৰ লোকজনক ধনৰ প্রলোভনৰে ভগ্নীক হত্যা কৰিবলৈ ভাস্কৰজ্যোতি দাসে নিয়োগ কৰিছিল।
সেই প্রলোভনত পৰিয়ে ৰাতুলে যোৱা দুই জুলাইৰ পুৱতি নিশা নিজৰ শোৱা কোঠাৰ বিছনাতে ডিঙিত ৰেপি হত্যা কৰিছিল অসুস্থ বন্দনা দাসক। কুৰুৱাৰ সাত বিঘা মাটি, কমেও ৩০ লাখ টকাৰ ফিক্সড ডিপ’জিট আত্মসাৎ কৰাই আছিল এই হত্যাৰ মূল কাৰণ। সন্তান আৰু স্বামীহীনা বন্দনা দাসে কুৰুৱাত থকা সাত বিঘা মাটি ৪৫ লাখ টকাত বিক্ৰীৰ বাবে যো-জা চলাইছিল।
ইয়াৰ বাবে মাটি সংক্রান্তীয় কামবোৰ ভ্ৰাতৃ ভাস্কৰজ্যোতিয়ে কৰিছিল। ভাস্কৰজ্যোতিয়ে সেই ধনৰ ভাগ বিচাৰিছিল; কিন্তু বন্দনা দাসে তেওঁৰ স্বামীৰ মাটিৰ ভাগ দিবলৈ ইচ্ছা কৰা নাছিল। ভাস্কৰজ্যোতিয়ে মাটি বিক্ৰী কৰি পোৱা টকাৰে বন্দনা দাসে বাস কৰি থকা ঘৰটো নতুনকৈ নিৰ্মাণ কৰিবলৈয়ো হেঁচা দিছিল।
সেই ক্ষেত্রতো বন্দনা দাসে বিশেষ গুৰুত্ব দিয়া নাছিল। ইয়াকে লৈ দুই ভ্রাতৃ-ভগ্নীৰ মনোমালিন্য চলি আছিল। বন্দনা দাসৰ নামত বেংকত ৩০ লাখ টকাৰ এটা ফিক্সড ডিপ’জিট পলিচী আছিল। পলিচীটোৰ ‘নমিনি’ আছিল ভাস্কৰজ্যোতি। গতিকে ভগ্নীক হত্যা কৰি নমিনি হিচাপে সেই বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰাৰ ষড়যন্ত্ৰ কৰিছিল ভাস্কৰজ্যোতিয়ে।
অৱশেষত মাটি বিক্ৰীৰ টকা আৰু ফিক্সড ডিপ’জিটৰ ধন আত্মসাৎ কৰিবলৈ ভগ্নীক হত্যাৰ সিদ্ধান্ত লৈছিল ভাস্কৰজ্যোতিয়ে। বাতুল দাসে কে’বামাহ ধৰি ভাস্কৰজ্যোতিৰ ঘৰত ৰাজমিস্ত্রি হিচাপে কাম কৰি আছিল। সেই সূত্রে পত্নী কুঞ্জলতা দাসসহ ৰাতুলক বন্দনা দাসৰ পৰিচৰ্যাকাৰীৰূপে ভাস্কৰজ্যোতিয়ে দায়িত্ব অর্পণ কৰিছিল।
এনেদৰে ৰাতুলৰ লগত অতি ঘনিষ্ঠ হৈ পৰাত ভাস্কৰজ্যোতিয়ে ভগ্নীক হত্যা কৰিবলৈ ৰাতুলক দায়িত্ব দিছিল। তাৰ বিনিময়ত ৰাতুলক এটা সন্তোষজনক পৰিমাণৰ ধন পৰিশোধৰ আশ্বাস দিছিল। সেই ধনৰ লোভত পৰিয়ে ৰাতুলে বন্দনা দাসক হত্যা কৰিছিল।
উল্লেখ্য যে বন্দনা দাসৰ হত্যাকাণ্ডটোক লৈ ভাস্কৰজ্যোতিয়ে কৰা আচৰণৰ ওপৰতো তদন্তকাৰী আৰক্ষীৰ সন্দেহ ওপজিছিল। আৰক্ষীয়ে বাতুলক হত্যাৰ অভিযোগত ঘটনাৰ পাছতেই গ্ৰেপ্তাৰ কৰিছিল। তাৰ বিপৰীতে ভাস্কৰজ্যোতিয়ে ৰাতুলৰ নিৰ্দোষিতা প্রমাণ কৰিবলৈ উঠিপৰি লাগিছিল।
গতিকে ভাস্কৰজ্যোতিৰ ওপৰত আৰক্ষীৰ সন্দেহ ক্রমে বৃদ্ধি হৈছিল। অৱশেষত ৰাতুলেই আৰক্ষীক স্বীকাৰোক্তি দিছিল যে টকাৰ প্রলোভনত পৰি ভাস্কৰজ্যোতিৰ ষড়যন্ত্র মর্মে ৰাতুলে বন্দনা দাসক হত্যা কৰিছিল।
আৰক্ষীয়ে ৰাতুল আৰু ভাস্কৰজ্যোতিৰ লগতে কুঞ্জলতা দাসকো গ্ৰেপ্তাৰ কৰিছে। কাৰণ কুঞ্জলতাই ঘটনাটোৰ বিষয়ে জানিছিল যদিও আৰক্ষীৰ ওচৰত নজনাৰ ভাও জুৰিছিল।
